পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰনৰ বলি হল অসমৰ যুৱক ৷ আক্ৰমৰ বলি হোৱা যুৱকজন ডবকাৰ হালধিআটীৰ মকবুল হুছেইন ৷ 

ডবকাৰ হালধিআটী গাৱৰ মকবুল হুছেইন নামৰ যুৱকজন ডেৰমাহ মান পূৰ্বে কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল ৷ যোৱা শুক্ৰবাৰে নিশা যুৱক জন নিজৰ কৰ্মসম্পাদন কৰি থকা ভাড়া ঘৰলৈ উভতি আহিছিল ৷ তেনে সময়তে বাটতত কিছু দুৰ্বৃত্বই যুৱক জনক বেয়াকৈ মাৰধৰ কৰি পথৰ দাতিত অচেতন অস্থাত পেলাই থৈ যায় ৷ পিছদিনা অৰ্থাত শনিবাৰে পুৱাৰ ভাগত তহলদাৰী আৰক্ষী অচেতন যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় ৷ লগতে ঘৰতো খবৰ দিয়ে ৷ যুৱকজনৰ হাত ভৰি ভাঙি যোৱা বুলি জানিব পৰা গৈছে ৷ 

যুৱকজনক আক্ৰমনৰ কথা জানিব পাৰি পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অতিশীঘ্ৰে কেৰেলা চৰতাৰৰ লগত আলোচনা মৰ্মে অসমৰ কৰ্মৰত যুৱক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে গুৰুতৰভাবে আহত যুৱক মকবুল হুছেইনৰ সম্পূৰ্ণ চিকিৎসা খৰচ বহন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহবান জনাইছে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ৷