নুমলীগড়ৰ লৱনঘাটত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। মাটিৰ তলেৰে যোৱা পাইপ ফুটাই তেল চুৰি কৰাৰ ভয়ংকৰ কাণ্ড।

নুমলীগড়ৰ লৱনঘাটত পোহৰলৈ আহিছে এই ঘটনা। নুমলীগড় তেল শোধনাগাৰৰ পৰা শিলিগুৰি লৈ নিয়া পাইপ লাইনত ফুটা কৰি তেল চুৰ কৰা ঘটনা পোহৰলৈ আহিছে । মাটি খান্দি নুমলীগড় চাহ বাগিচাৰ লৱনঘাট অঞ্চলত তেল চুৰি কৰাৰ সন্দেহ । ওৰে নিশা OIL ইণ্ডিয়াৰ কৰ্মচাৰী,স্থানীয় VDP আৰু নুমলীগড় আৰক্ষীৰ কটকটীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। মাটিৰ তলৰ গভীৰত পাইপ লাইন ফুটা কৰি তেল চুৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ । উল্লেখ্য যে উক্ত অঞ্চলটোত মাটি খন্দাৰ লগতে তেল ওলাই থকাৰ ঘটনাক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে এই ভয়ংকৰ কাণ্ড।