*গোলাঘাটত শিশু শিল্পীৰ দ্বাৰা দোহাৰ ও ভাওনা প্ৰদৰ্শন*
V/O- গোলাঘাট গাড়ীগাওঁ তিনিআলিৰ ৰাজহুৱা নামঘৰত সমুহ খেলৰ ৰাইজৰ সহযোগত আৰু নীলকণ্ঠ সাংস্কৃতিক মঞ্চৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিশু শিল্পী সকলৰ দ্বাৰা দোহাৰ আৰু শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয়। শিশু শিল্পী নীল আকাশ দত্ত,পাৰ্থপ্ৰতিম গগৈ,পাৰ্থপ্ৰতিম বৰা,প্ৰিয়মজিৎ গগৈ,হিমাংশু ৰাজখোৱা,পল গগৈৰ লগতে দেবাঙ্গনা দত্তৰ দোহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ভূপেন সিঙ তেৰাঙৰ দোহাৰ তত্বাৱধানত অনুষ্ঠিত মহাপুৰুষীয়া ভাওনা ভাগিত অভিনয় পৰিচালনা অজিত বৰা আৰু বিমান শইকীয়া। নীলকণ্ঠ সাংস্কৃতিক মঞ্চৰ মহিলা সকলৰ উদ্যোগত অনুষ্ঠিত শিশুশিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা
মহাপুৰুষীয়া সৃষ্টি ৰাজি ভাওনা জীয়াই ৰখাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক শলাগ লৈছে সচেতন মহলে।