ধুবুৰীৰ আগমনি আৰক্ষী থানাৰ ভামনডাঙা প্ৰথম খণ্ড গাঁৱত এক মৰ্মান্তিক ঘটনা। বিকাশ ৰায় (২১) আৰু শান্তি ৰায় (১৯) নামৰ এহাল দম্পতীয়ে আজি আবেলি একেখন কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰাত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে দুয়ো এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল। স্বামী বিকাশ ৰায়ে কৰ্মসূত্ৰে গুৱাহাটীত থাকে যদিও পত্নী শান্তি ৰায় স্বামী গৃহত কাজিয়া কৰি কিছুদিন পূৰ্বে পিতৃ গৃহলৈ আহিছিল।
কিন্তু পত্নীক লগ কৰিবলৈ বিকাশ ৰায়ে শনিবাৰে শহুৰেকৰ গৃহত উপস্থিত হয়।
আজিৰ দিনটোত পত্নী শান্তি ৰায়ৰ পিতৃ-মাতৃ বহি:ৰাজ্যত কাম কৰিৱলৈ যোৱাত ঘৰত দুয়ো অকলে থাকে।
ৰহস্যজনকভাৱে আজি বিয়লি দুয়ো কোঠালীৰ ভিতৰতে এখন কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে।
পিছত ৰাইজে দুয়োৰো মৃতদেহ প্ৰত্যক্ষ কৰি আগমনি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত চলাইছে।