ওডালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নলিনী কান্ত ডেকাই নিজৰ শিক্ষণ ইউটিউব চেনেলৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ আজি(৩১ জুলাই) শিক্ষক ডেকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ উল্লেখ্য যে, জিলাখনৰ ২ নং কলাইগাঁৱৰ প্ৰয়াত সীতাৰাম ডেকা আৰু নিৰলা ডেকাৰ শিক্ষক পুত্ৰ নলিনী কান্ত ডেকাই ২০১৯ চনত ক’ভিড মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদানত সহায়ক হোৱাকৈ ইউটিউবত নিজৰ নামত এটা শিক্ষণ চেনেল খুলি সময়োপযোগী আৰু ছাত্ৰ-ছাত্ৰীৰ পাঠ ভিত্তিক বিভিন্ন শিক্ষণ ভিডিঅ’ৰে ছাত্ৰ-ছাত্ৰীৰ উপকাৰ সাধন কৰি আহিছে ৷ এনেদৰে চেনেলটোত ছাত্ৰ-ছাত্ৰীৱে দেখুওৱা আগ্ৰহৰ ফলত ইউটিউবৰ জৰিয়তে শিক্ষক ডেকাই ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে ৷ সেয়ে ছাত্ৰ-ছাত্ৰীক উপকাৰ সাধনৰ বাবে প্ৰস্তুত ককা পাঠভিত্তিক বিষয় সম্প্ৰচাৰ জৰিয়তে চেনেলৰ উপাৰ্জিত ধনৰ ৬০ শতাংশ শিক্ষক নলিনী কান্ত ডেকাই ছাত্ৰ-ছাত্ৰীৰ উপকাৰৰ বাবে খৰচ কৰি অহিছে । তেওঁ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কিতাপ, কম্পাছ, কলম আদি প্ৰদান কৰাৰ উপৰিও বিদ্যালয়ৰ পুথিভঁৰাললৈ কিতাপ আদিও প্ৰদান কৰিছে । তেওঁ বৰ্তমানলৈ অঞ্চলটোৰ সমলাবড়ি প্ৰথমিক বিদ্যালয়, ৰণথলী সমবায় প্ৰথমিক বিদ্যালয়, দৰঙ্গীপাৰা প্ৰথমিক বিদ্যালয়, বননগৰী প্ৰাথমিক বিদ্যালয় (দুবাৰ), বৰপুখুৰী প্ৰথমিক বিদ্যালয়লৈ শিক্ষামূলক সামগ্ৰী প্ৰদান কৰিছে । ইউটিউবৰ পৰা একেৰাহে সপ্তমবাৰলৈ উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই তেওঁৰ মহানুভৱতাৰ পৰিচয় দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आपला भगवा-आपली शिवसेना मोहिमेचे संभाजीनगरात ७ ते २० ऑगस्ट दरम्यान आयोजन -शिवसेना जिल्हाप्रमुख आमदार अंबादास दानवे यांनी यांची औरंगाबादेत पत्रकार परिषद
औरंगाबाद :- ४ ऑगस्ट
शिवसेना संभाजीनगर शाखेच्या वतीने आगामी जिल्हा परिषद – पंचायत...
Jio ने पेश किया नया अनलिमिटेड 5G प्लान, 84 दिनों की वैलिडिटी के साथ मिलेगा फ्री OTT सब्सक्रिप्शन; जानें कीमत
Jio Rs 909 Recharge Plan रिलायंस जियो की वेबसाइट के अनुसार 909 रुपये का एंटरटेनमेंट प्लान...
Indore News : मैच शुरू होने से पहले स्टेडियम पर पड़ा छापा, पहुंची टीम
मध्यप्रदेश के इंदौर के होलकर स्टेडियम में आज भारत-द.अफ्रीका के बीच मैच खेला जाना है। लेकिन मैच के...
કોઠારીયા વિસ્તારમાં પદયાત્રા કાઢી ઉમેદવાર માગી રહ્યાં મત@Sandesh News
કોઠારીયા વિસ્તારમાં પદયાત્રા કાઢી ઉમેદવાર માગી રહ્યાં મત@Sandesh News
હર ઘર તિરંગા કાર્યક્રમ અંતર્ગત સંયોજક ની નિમણૂક કરાઈ
હર ઘર તીરંગા કાર્યક્રમ ના સંયોજક તરીકે યોગેશભાઈ સુથાર અને સહ સંયોજક તરીકે બ્રિજેશ ભાઈ પ્રજાપતિ ની...