ওডালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নলিনী কান্ত ডেকাই নিজৰ শিক্ষণ ইউটিউব চেনেলৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ আজি(৩১ জুলাই) শিক্ষক ডেকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ উল্লেখ্য যে, জিলাখনৰ ২ নং কলাইগাঁৱৰ প্ৰয়াত সীতাৰাম ডেকা আৰু নিৰলা ডেকাৰ শিক্ষক পুত্ৰ নলিনী কান্ত ডেকাই ২০১৯ চনত ক’ভিড মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদানত সহায়ক হোৱাকৈ ইউটিউবত নিজৰ নামত এটা শিক্ষণ চেনেল খুলি সময়োপযোগী আৰু ছাত্ৰ-ছাত্ৰীৰ পাঠ ভিত্তিক বিভিন্ন শিক্ষণ ভিডিঅ’ৰে ছাত্ৰ-ছাত্ৰীৰ উপকাৰ সাধন কৰি আহিছে ৷ এনেদৰে চেনেলটোত ছাত্ৰ-ছাত্ৰীৱে দেখুওৱা আগ্ৰহৰ ফলত ইউটিউবৰ জৰিয়তে শিক্ষক ডেকাই ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে ৷ সেয়ে ছাত্ৰ-ছাত্ৰীক উপকাৰ সাধনৰ বাবে প্ৰস্তুত ককা পাঠভিত্তিক বিষয় সম্প্ৰচাৰ জৰিয়তে চেনেলৰ উপাৰ্জিত ধনৰ ৬০ শতাংশ শিক্ষক নলিনী কান্ত ডেকাই ছাত্ৰ-ছাত্ৰীৰ উপকাৰৰ বাবে খৰচ কৰি অহিছে । তেওঁ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কিতাপ, কম্পাছ, কলম আদি প্ৰদান কৰাৰ উপৰিও বিদ্যালয়ৰ পুথিভঁৰাললৈ কিতাপ আদিও প্ৰদান কৰিছে । তেওঁ বৰ্তমানলৈ অঞ্চলটোৰ সমলাবড়ি প্ৰথমিক বিদ্যালয়, ৰণথলী সমবায় প্ৰথমিক বিদ্যালয়, দৰঙ্গীপাৰা প্ৰথমিক বিদ্যালয়, বননগৰী প্ৰাথমিক বিদ্যালয় (দুবাৰ), বৰপুখুৰী প্ৰথমিক বিদ্যালয়লৈ শিক্ষামূলক সামগ্ৰী প্ৰদান কৰিছে । ইউটিউবৰ পৰা একেৰাহে সপ্তমবাৰলৈ উপাৰ্জন কৰা ধনৰ ২৫,৫৫৫.০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই তেওঁৰ মহানুভৱতাৰ পৰিচয় দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोजगार मेला: पीएम नरेंद्र मोदी आज 51 हजार उम्मीदवारों को सौंपेंगे सरकारी नियुक्ति पत्र
पीएम मोदी ने देश के युवाओं को केंद्र सरकार के विभिन्न विभाग, मंत्रालयों में साल 2023 के आखिर तक...
TVS Jupiter 110 Launch: 22 August को लॉन्च होगा नया टीवीएस जुपिटर 110 स्कूटर, मिलेंगे कई अपडेट
दो पहिया वाहन निर्माता टीवीएस मोटर्स (TVS Motors) की ओर से कई बेहतरीन स्कूटर और बाइक को पेश...
Lok Sabha Election 2024: भगवान जगन्नाथ पर फिसली जुबान फंस गए Sambit Patra | Aaj Tak
Lok Sabha Election 2024: भगवान जगन्नाथ पर फिसली जुबान फंस गए Sambit Patra | Aaj Tak
વડગામના ઇકબાલગઢમાં ડેપ્યુટી સરપંચની હત્યા કેસમાં કોર્ટે આરોપીને આજીવન કેદની સજાનો હુકમ ફટકાર્યો
વડગામ તાલુકાના ઇકબાલગઢ ગામના ડેપ્યુટી સરપંચ પર છ વર્ષ અગાઉ હુમલો કરી મોતને ઘાટ ઉતારવામાં આવ્યા...
બનાસકાંઠા જિલ્લામાં દાંતા અને અમીરગઢ તાલુકામાં આદિજાતિનું બાહુલ્ય જોવા મળે છે.
આદિજાતિ સમાજના સર્વાંગી વિકાસ માટે તત્કાલીન મુખ્યમંત્રી અને હાલના વડાપ્રધાનશ્રી નરેન્દ્રભાઇ મોદીએ...