দেশত শীঘ্ৰেই মুকলি হ’ব ৫ জি ইণ্টাৰনেট সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই ৫ জি ইণ্টাৰনেট সেৱা। 

অহা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানস্থিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত ৫ জি সেৱা শুভাৰম্ভনি কৰিব।

যোগাযোগ মন্ত্ৰালয়ৰ অধীনত পৰিচালনা কৰা ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে এক টুইটযোগে কয়, 'ভাৰতৰ ডিজিটেল পৰিৱৰ্তন আৰু সংযোগক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতত ৫জি সেৱা আৰম্ভ কৰিব'।