পুনৰ ভয়ংকৰ বান পৰিস্থিতি। শুক্লাই নদীৰ মাথাউৰী চিঙি  জলমগ্ন ভেৰগাঁ‌ও খাগ্ৰাবাৰী, নলবাৰী অঞ্চলৰ ৪০০ টা পৰিয়াল। ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ উফন্দী উঠা পানীৰ ফলত নিশা দুই বজাত ওদালগুৰি জিলা চিংৰিবাৰীত শুক্লাই নদীৰ মথাউৰী চিঙি যায়।  ফলত নিশাটোৰ ভিতৰতে ওদালগুৰি জিলা ভেৰগাঁ‌ও খাগ্ৰাবাৰী,নলবাৰী,অঞ্চলৰ খেতি পথাৰ বাট,পথৰ লগতে  প্ৰায় চাৰি শতাধিক পৰিয়াল এআঠু পানীত জলমগ্ন।

উপায়ন্তৰ হৈ নিশাটোৰ ভিতৰতে বানক্ৰান্ত পৰিয়াল সমূহ ওখ স্থানত স্থানান্তৰিত হৈছে, যদিও ঘৰৰ ধান চাউল সা সম্পত্তি বৰ্তমানেও জলমগ্ন।