বকোৰ শাখাতিত চলন্ত ৰে'লৰ আগত জঁপিয়াই এদৰাকী যুৱতীয়ে আত্মহনন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

প্ৰেমৰ বিৰহ সহিব নোৱাৰি আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। 

ইতিমধ্যে যুৱতীগৰাকীৰ প্ৰেমিক বকোৰ ১নং দক্ষিণ ছেখাদাৰীৰ প্ৰিয়দেৱ ৰাভাক আটক কৰিছে বকো আৰক্ষীয়ে। 

২নং দক্ষিণ ছেখাদাৰীৰ সভ্যা ৰাভাক যোৱা বৃহস্পতিবাৰে পলুৱাই নিয়ে ঘৰলৈ। 

শুকুৰবাৰে সভ্যা ৰাভাক প্ৰিয়দেৱ ৰাভাৰ পৰিয়ালে খেদি পঠিয়াই। তাৰ পিছতেই মানসিকভাৱে ভাঙি পৰা যুৱতীগৰাকীয়ে আত্মহত্যা কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰিয়দেৱৰ আন এগৰাকী যুৱতীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছে।