বঙাইগাঁও ২৪ জুলাইঃ--বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ গোসাইগাওৰ গৃহ ৰক্ষী জোৱান ডাঙাইগাওঁ ত ছিপ লৈ আত্মহত্যা কৰে। অন্য দিনাৰ দৰে যোৱাকালি সন্ধিয়া কৰ্ম স্থলী ঢালিগাওত যোৱাৰ বাবে ঘৰৰ পৰা ওলাই আহে আৰু কৰ্মস্থলীত উপস্থিত হয় যদিওঁ গা বেয়া বুলি কৈ সেই স্থানৰ পৰা উভতি আহে। পৰৱৰ্তী সময়ত কৰ্মস্থলীৰ ঘৰলৈ ফোন যোগে অৱগত কৰাৰ পিছত ঘৰত হুৱা দুৱা লাগে আৰু চাৰিও ফালে বিচাৰি নোপোৱাত ঘৰত কান্দোনৰ ৰোল আৰম্ভ হয়। ৰাতিপুৱা সাত মান বজাত কিতাপ আলী ছিম লৈ আত্ম হত্যা কৰে বুলি 

চাৰিওফালে খৱৰ বিয়পি পৰে। মৃত্যুৰ কাৰন পাৰিবাৰিক সমস্যাৰ বাবে হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মৃত্যুৰ সময়ত এটা লৰা আৰু পত্নী সহ দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।