চাওঁক সোণাৰিত সম্প্ৰীতিৰ চানেকিৰে কিদৰে সকলোৰে দৃষ্টি আকর্ষণ নগা ভাই ভনীহঁতে।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
সীমা সমস্যা, সময়ে সময়ে নানা দিশত উত্তেজনা,সংঘাত আদিয়ে চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমাৱৰ্ত্তী অঞ্চল সমূহ সততে অস্থিৰ কৰি আহিছে যদিও এই সকলো নেওচি এখন বিশেষ বজাৰে জিলা সদৰ সোণাৰিত সকলোৰে দৃষ্টি সৰ্বদা আকৰ্ষিত কৰি আহিছে। যিখন বজাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলনৰ এনাজৰী ডাল দুই ৰাজ্যৰ সৰ্বসাধাৰণ জনতাই সকলো ৰাজনৈতিক- অৰাজনৈতিক চিন্তা ভাৱনাৰ উৰ্ধত ৰাখি সমন্বয়ৰ সেতু হিচাপে গঢ়ি তুলিছে। সোণাৰিৰ দৈনিক বজাৰৰ কিছু বিশেষ স্থানৰ লগতে ভজো চাৰিআলি অঞ্চলত বিগত কেবা দশক কাল ধৰি চৰাইদেউ জিলাৰ গাতে লাগি থকা নগালেণ্ডৰ ম'ন জিলাৰ, অৰুণাচল আদিৰ বিভিন্ন স্থানৰ পৰা অহা নগা ভাই ভনীহঁতে নিয়মীয়াকৈ বিক্ৰী কৰি আহিছে নানা কেঁচা খাদ্য সামগ্ৰী। দুই প্ৰতিবেশী ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ মাজত থকা শ শ বছৰীয়া যাউতিযুগীয়া সম্পৰ্ক এই বজাৰ খনত অতি আত্মীয়তাৰে প্ৰতিফলিত হৈছে। বজাৰখনলৈ নগা ভাই-ভনীহতে খাং ভৰাই নিতৌ পাহাৰৰ পৰা ভৈয়ামলৈ বেহাবলৈ লৈ আহে ভিন ভিন খাদ্য বস্তু। এই খাংত থাকে জৈবিক ভাবে উৎপাদিত নানা শাক পাচলি আদিৰ লগতে আদা, কচু,ভোট জলকীয়া, পাণ, অমিতা আদি।