ঢকুৱাখনাত লক্ষীমপুৰত বৃদ্ধি পাইছে নথি পত্ৰ বিহীন যাত্ৰীবাহী বাছৰ সংখ্যা।
যাত্ৰী তথা পথচাৰীৰ সুৰক্ষাক সম্পূৰ্ণৰূপে আওকাণ লাক্ষীমপুৰ জিলা পৰিবহণ বিভাগৰ।
উল্লেখযোগ্য যে ঢকুৱাখনা মহকুমা তথা লক্ষীমপুৰ জিলাত বৃদ্ধি পাইছে যাত্ৰীবাহী বাছৰ সন্ত্ৰাস।চকু মুদা কুলিৰ ভাও ধৰা লক্ষীমপুৰ জিলাৰ বিয়াগোম পৰিবহন বিভাগটো থকাৰ পিছতো ঢকুৱাখনা লখিমপুৰ বৃদ্ধি পাইছে যাৱতীয় নথি পত্ৰ বিহীন যাত্ৰীবাহী বাছৰ সংখ্যা।যাৰ পৰিপ্ৰেক্ষিতত লক্ষীমপুৰ ঢকুৱাখনাৰ ঘাইপথত সঘনাই বৃদ্ধি পাইছে দুৰ্ঘটনা সংখ্যা।একমাত্ৰ লক্ষীমপুৰ জিলা পৰিবহন বিভাগৰ অকমান্যতাৰ বাবেই মুক্ত বিচৰণ কৰিছে একাংশ নথি পত্ৰ বিহীন যাত্ৰীবাহী বাছে।কিছু দিন পূৰ্বে ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা কৰা AS _12AC_4936 নম্বৰৰ ''মা -নিজু ''নামৰ যাত্ৰীবাহী বাছ খনৰ প্ৰায়খিনি নথি পত্ৰ বহু বছৰৰ আগতে ম্যাদ উকলা দেখা পোৱা গৈছে।দীৰ্ঘদিন ধৰি যাৱতীয় তথ্য পাতি যেনে ফিটনেছ,ইঞ্চুৰেঞ্চ নোহোৱাকৈ কাৰ অনুগ্ৰহত কিদৰে,কেনেকৈ চলি আছে সেইয়া হৈছে সন্দেহৰ বিষয়।সততে সাধাৰণ ৰাইজক চেপি ধৰা লক্ষীমপুৰ জিলা পৰিবহন বিভাগে নামী দামী মালিকসকলৰ ব্যৱসায় ভিত্তিত চলা এই যাত্ৰীবাহী বাছ বোৰক কিয় নাকী লগাব পৰা নাই সেইয়া হৈছে ৰহস্য বিষয়। ফলত লখিমপুৰ জিলা পৰিবহণ বিভাগৰ পতি ক্ষোভ উজাৰি অতি সোনকালে যাত্ৰী আৰু পথৰচাৰীক সুৰক্ষা সুনিশ্চিত কৰা দাবী লখিমপুৰ ঢকুৱাখনাৰ সাধাৰণ ৰাইজে।