ছিপাঝাৰৰ বামুণঝাৰত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফেভাৰ' ।
দুই শতাধিক গাহৰি নিধনত ব্যস্ত প্ৰশাসন আৰু পশু চিকিৎসা বিভাগৰ লোক।
ছিপাঝাৰৰ বামুণঝাৰৰ বিনন্দ বড়োৰ গাহৰি ফাৰ্মত ছোৱাইন ফ্লু'ত আক্ৰান্ত দুই শতাধিক গাহৰি।
দুনী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডা° নাজনিন আৰা ইলিয়াছ আৰু দৰং জিলা গাহৰি বিভাগৰ ন'ডেল বিষয়া প্ৰণৱ ডেকাৰ নেতৃত্বত ফাৰ্মখনত উপস্থিত হৈছে পশু চিকিৎসা বিভাগৰ এটা দল।
ইতিমধ্যে ফাৰ্মখনত গাহৰি নিধনৰ কাম আৰম্ভ কৰা হৈছে।
ফাৰ্মখনৰ আশে-পাশে এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা আন লোকৰ পোহনীয়া গাহৰিসমূহো নিধন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জনায় পশু চিকিৎসা বিষয়াসকলে।
লগতে গাহৰিপালকসকলক চৰকাৰে উপযুক্ত ক্ষতি পূৰণ দিব বুলিও জনায় তেওঁলোকে ।
 
  
  
   
   
   
  