অলপতে হৈ যোৱা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল নম্বৰলৈ উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু প্ৰেৰনা মূলক এক ব্যতিক্ৰমি সভা শ্যামপুৰত অনুষ্ঠিত কৰে শৈক্ষিক জাগৰণ মঞ্চৰ দৰং জিলা সমিতিয়ে। শৈক্ষিক জাগৰণ মঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি আমিৰ হামজাৰ সভপতিত্বত শ্যামপুৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত কৰা সভাত উপস্থিত থাকে শৈক্ষিক জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি ফকৰ উদ্দিন আলী, কাৰ্য্যকৰী সভাপতি আবুল খায়েৰ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্বাহা আলম,শৈক্ষিক জাগৰণ মঞ্চৰ দৰং জিলা সমিতিৰ সাধাৰন সম্পাদক ইক্ৰামুল হক, বাহাৰুল ইছলাম,আব্দুল হাই, দিলদাৰ হুছেইন,শিয়ালমাৰী জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ স্বতাধিকাৰী আব্দুৰ ৰহিম,শিয়ালমাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বহিদুল ইছলামকে, আদি কৰি বিভিন্ন অঞ্চলৰ শিক্ষা গুৰু আৰু অভিভাৱক সকলে সভা খনত উপস্থিত থাকি বিভিন্ন ধৰণৰ প্ৰেৰনা মূলক বক্তব্য প্ৰদান কৰি কয় যে অনাগত দিনত এনে ধৰণৰ কাৰ্য্যসূচীয়ে নৱ প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক শক্তিশালী ভাবে গঢ়ি উঠিব বুলি ভাষণ আগবঢ়াই শৈক্ষিক জাগৰণ মঞ্চৰ কৰ্মী সকলক দিহা পৰামৰ্শ প্ৰদান কৰাৰ লগতে এনে কাৰ্য্যসূচী গ্ৰহণ কৰাৰ বাবে প্ৰসংশা কৰে সচেতন মহলে।

সম্বৰ্ধনা অনুষ্ঠানতে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰায় ভাষণ প্ৰদান কৰে শৈক্ষিক জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি ফকৰ উদ্দিন আলীয়ে