শংকৰ- মাধৱৰ মিলনৰ ৫০০ বছৰীয়া উৎসৱ :আহতগুৰি শিকলী চাপৰিত আঁহতগুৰি উৎসৱ-শংকৰ- মাধৱৰ মিলনৰ ৫০০ বছৰ

- আঁহতগুৰি শিকলী চাপৰিত আঁহতগুৰি উৎসৱ-

               চাপৰি বাসীৰ আদৰণি

  মাজুলী আঁহতগুৰি ধুৱাহাট-বেলগুৰিত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মহামিলনৰ ৫০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে " মাজুলী সাহিত্য"ৰ উদ্যোগত অহা২১,২২,২৩ জানুৱাৰী/২০২৩ তাৰিখে বিশাল আঁহতগুৰি উৎসৱ আঁহতগুৰিৰ শিকলিচাপৰি চেচুঁগুৰিত অনুষ্ঠিত হ'ব। কালি আঁহতগুৰি উৎসৱ উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ব্যাপক উৎসাহত সৃষ্টি হৈছে চৰ চাপৰিৰ সমষ্টিৰ মৌজাটোত। আজি বৃহত্তৰ শিকলিচাপৰি,চেচুঁগুৰি,মাজৰ চাপৰি,কাঠচাপৰি আদি চৰ অঞ্চলৰ ৰাইজ আঁহতগুৰি সত্ৰৰ প্ৰাচীনতম সমবেত হৈ সেই ঘোষণাক আদৰণি জনায়। ৰাইজে খোল তাল ধ্বনিৰ আৰু গুৰুজনাৰ ৰচিত গীতেৰে মাজুলীৰ সাহিত্য আৰু আঁহতগুৰি সন্মিলনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ধ্বনি দিয়ে আৰু উৎসৱ সফল কৰি তুলিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত বিচাৰে। আঁহতগুৰি বৰ সত্ৰৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী আৰু আঁহতগুৰি চৰ চাপৰি সন্মিলনীৰ সম্পাদক ভৱেশ ফুকন প্ৰভৃতি ৰাইজে বক্তব্য ৰাখি শংকৰ মাধৱ মিলন ক্ষেত্ৰ ৰক্ষা মানেৰি আঁহতগুৰি মৌজা সুৰক্ষা হোৱা বুলি ধ্বনি দিয়ে। কালি মাজুলী শ্ৰীশ্ৰী ভোগপুৰ সত্ৰত উদযাপন সমিতিৰ সভাপতি তথা ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীদত্তদেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তই বিষয়বস্তুৰ আত ধৰিছি।সভাই সৰ্বসন্মতিক্ৰমে আঁহতগুৰি উৎসৱভাগি মৌজাটোৰ মধ্যস্থল আঁহতগুৰিৰ চেচুঁগুৰি চাপৰিত অনুষ্ঠিত কৰা আৰু উৎসৱথলীৰ নাম " শংকৰ -মাধৱ মণিকাঞ্চন মিলন থলী" ৰূপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শংকৰ-মাধৱৰ মিলনৰ ৫০০বছৰ পুৰ হোৱা উপলক্ষ্যে পাঁচশ গৰাকী নামলগোৱা আৰু পাঠকৰ নামধ্বনিৰে মূল কাৰ্যসূচী উদ্বোধন,পাঁচশ গৰাকী মহিলাৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ জল আনয়ণ আৰু মূল স্থানত স্থাপন, পাঁচশ গৰাকী অভিনেতাৰে অভিনয়েৰে" পত্নী প্ৰসাদ" নাট প্ৰদৰ্শন আদি বৰ্ণাঢ্য কাৰ্যসূচী তিনিদিনত ৰূপায়িত কৰাৰ প্ৰাথমিক সিদ্ধান্ত গ্ৰহণ কৰে। সভাপতি দত্তদেৱ গোস্বামীয়ে বান বিধ্বস্ত আঁহতগুৰি মৌজাৰ সুৰক্ষা আৰু দুজনা গুৰুৰ মিলন স্থান পুনৰ উজ্জীৱিত কৰণৰ এই ঐতিহাসিক পদক্ষেপক "মাজুলীৰ সাহিত্য" আগুৱাই অনাত মাজুলী বাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰতিগৰাকী আঁহতগুৰীয়া তথা মাজুলীয়ালে নিজকে এই মহত্তম প্ৰচেষ্টাত জড়িত কৰি জাতীয় দায়িত্ব পালন কৰিব বুলি আহ্বান জনায়।