নাহৰ গছ জোপাৰ তলত বহি জীতেন বৰাই হুকহুকাই কান্দিছে! কিন্তু কিয় 

অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ দিনটোত মাজুলীৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী জীতেন বৰাৰ পৰিয়ালত কান্দোনৰ ৰোল

আজি ৰাজ্য চৰকাৰে চুতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ সমান্তৰালভাৱে বিভিন্ন বিভাগত ২৬ হাজাৰৰো অধিক নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰি জীৱন জীৱিকাৰ বাট দিলে ৷ তেনে সময়তে মাজুলীৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল ৷ প্ৰায় ৩৪ বছৰে হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ত চকীদাৰ হিচাপে জীৱনৰ মূল্যবান সময় ত্যাগ কৰিও স্বীকৃতি নাপালে ৷ বিদ্যালয় খনৰ বাবে পৰিশ্ৰম কৰাৰ লগতে নিজৰ একমাত্ৰ খেটি মাটি দান দি ১৯৮৮ চনৰ পৰা বিদ্যালয় খনত চুতুৰ্থ বৰ্গৰ কৰ্মচাৰি হিচাপে কৰ্মৰত হৈ থাকিও চৰকাৰী কৰন হোৱাৰ পৰা জীতেন বৰা বঞ্চিত হোৱাত মানসিক ভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে ৷আজি চকীদাৰ জনৰ পৰিয়ালটো হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ কান্দোনত ভাগী পৰা দৃশ্যই বিদ্যালয় খনৰ শিক্ষক সকলকো আৱেগিক কৰি তুলিছে ৷ পৰিয়ালটোৱে

মুখ্যমন্ত্ৰীলৈ আমাক বঞ্চিত নকৰি ৩৪ বছৰীয়া ত্যাগক স্বীকৃতি দিয়ক বুলি সংবাদ মাধ্যমৰ জড়িয়তে আহ্বান জনাইছে । বিদ্যালয় খনৰ বাবে পৰিশ্ৰম কৰিব লগা হোৱাৰ বাবেই খেতি-পথাৰ , অন্য কাম কৰিও পৰিয়াল পোহপালৰ চিন্তা নকৰাৰ বাবে চীৰজীৱন দুখীয়া হৈ সময় অতিবাহিত কৰি আজিৰ তাৰিখত চৰকাৰৰ পৰা এয়াই স্বীকৃতি পালো বুলি হুকহুকাই কান্দিছে জীতেন বৰাই ৷  

জীয়ৰীৰো প্ৰশ্ন ভুমি দান দি ৩৪ বছৰ পৰিশ্ৰম কৰি জীতেন বৰাই কিয় নাপালে চৰকাৰৰ স্বীকৃতি ৷ কাৰ ভুলৰ বাবে জীতেন বৰা এইদৰে বঞ্চিত হব লগা হল বুলি প্ৰশ্ন তুলি পৰিয়ালৰ লোকে দুখীয়া পৰিয়ালটোৰ লগত হোৱা অন্যায় , অবিচাৰৰ এক উচিত তদন্ত হব লাগে বুলি মন্তব্য কৰিছে ৷