SLUGNAME: APDCL SPECIAL SCHEME

বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুত গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ ৰেহাই আঁচনি। "মহা ছেপ্টেম্বৰ অফাৰ" নামেৰে এইবাৰ বিদ্যুত গ্ৰাহকৰ বকেয়া অধিশুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে অসম শক্তি বিতৰণ কোম্পানীয়ে। এই অধিশুল্ক ৰেহাই আঁচনিৰ জড়িয়তে ১০০% পৰ্য্যন্ত অধিশুল্ক ৰেহাই লৈ বিদ্যুত উপভোক্তাসকলে নিজা বকেয়া বিদ্যুত মাচুল পৰিশোধ কৰিব পাৰিব। ২৫ অক্টোবৰ পৰ্য্যন্ত বৈধ এই আঁচনিত অৱশ্যে পূৰ্বৰ আঁচনিসমূহত ব্যৰ্থ হোৱা গ্ৰাহকসকলক যোগ্য বুলি বিবেচনা কৰা ন'হব। তাৰোপৰি বিদ্যুত চুৰি অথবা বিদ্যুতৰ অপব্যৱহাৰ সম্পৰ্কীয় মোকৰ্দমা চলি থকা গ্ৰাহকসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। আঁচনিখনৰ সুবিধা অনুসৰি চাহ বাগিচাৰ শ্ৰমিক আবাসত বাস কৰা গ্ৰাহকসকলে সৰ্বমুঠ দহটা কিস্তিত বকেয়া বিদ্যুত বিল পৰিশোধ কৰিলেও সম্পূৰ্ণ ১০০% অধিশুল্ক ৰেহাই পাব। সাধাৰণ ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে এবাৰতে সম্পূৰ্ণ বিল পৰিশোধ কৰিলে ১০০% অধিশুল্ক ৰেহাই, দুটা কিস্তিত পৰিশোধ কৰিলে ৮০% ৰেহাই আৰু চাৰিটা কিস্তিত পৰিশোধ কৰিলে ৫০% শতাংশ অধিশুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। তাৰোপৰি বিদ্যুত মাচুল অনাদায়ৰ ফলত বিগত ৩১ আগষ্ট পৰ্য্যন্ত বিভাগে সংযোগ বিচ্ছিন্ন কৰা গ্ৰাহকসকলে এবাৰতে সম্পূৰ্ণ বকেয়া পৰিশোধ কৰিলে ১০০% অধিশুল্ক ৰেহাইৰ সুবিধা আগবঢ়াইছে কোম্পানীটোৱে। এই সুবিধাসমূহ গ্ৰহন কৰিবৰ বাবে বিদ্যুত উপভোক্তাসকলে সংশ্লিষ্ট বিলিং কাৰ্যালয়ত আবেদন কৰিবলৈ