কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য খণ্ডত হিতাধিকাৰীৰ মাজত প্ৰদান কৰা প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা অনুসৰি প্ৰদান কৰা আয়ুষ্মান ভাৰত আঁচনিৰ আজি চতুৰ্থ বৰ্ষপূতি উপলক্ষে আজি চিৰাঙত আয়ুষ্মান ভাৰত দিৱস পালন কৰা হয় ৷

 চিৰাং স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত চিদলী স্বাস্থ্য খণ্ডৰ অধীনৰ হাতীপোতা মাদ্ৰাছাত দিৱস উপলক্ষে এক সজাগতা সমদল উলিওৱা হয় ৷ সমদল মুকলি কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংথাং মুছাহাৰীয়ে ৷ আয়ুষ্মান ভাৰত দিৱসৰ লগত সংগতি ৰাখি হাতীপোতা মাদ্ৰাছাত আয়োজিত বিশেষ স্বাস্থ্য শিবিৰ মুকলি কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংথাং মুছাহাৰীয়ে ৷ অনুষ্ঠানত চিৰাং জিলা স্বাস্থ্য সেৱা বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত মৌপিয়া, জিলা চাৰ্ভিলেন্স বিষয়া ডাঃ দ্বীগেন্ড্ৰ ৰামছিয়াৰী, জিলা টিবি বিষয়া ডাঃ ৰাজেশ পাণ্ডে, কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সহ কেবাজনো চিকিৎসক, চিকিৎসা বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

বিশেষ স্বাস্থ্য শিবিৰত প্ৰসূতি বিশেষজ্ঞ ডাঃ ইয়াকুৱ আলী, ভেষজ বিশেষজ্ঞ ডাঃ সংঘমিত্ৰা সৰকাৰ সহ কেবাজনো বিভাগীয় চিকিৎসকে সাধাৰণ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ৰোগী সকলক প্ৰয়োজনীয় ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয় ৷ ইপিনে জিলাখনৰ বল্লামগুৰি খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ তুলসীঝতাতো আজি এক বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ৷