চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ দাদগিৰি - গেলেফুৰ মাজত থকা আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ আজি মুকলি কৰা হয় ৷ ইণ্ডো ভূটান ফ্ৰেইণ্ডশ্বিপ এচোছিয়েচনৰ উদ্যোগত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰ পাছত পূৰ্বৰ দৰে ভাৰতীয় নাগৰিকে ভোটাৰ বা আধাৰকাৰ্ড পৰিচয় পত্ৰ প্ৰদান কৰি ভূটানত প্ৰৱেশ কৰিব পাৰিব |

বিপকীতে ইমান দিনে ভূটানত গৈ কোনো মাচুল আদায় নিদিয়া ভাৰতীয় পৰ্যটক সকলে এতিয়াৰে পৰা ভূটানত এনিশা যাপন কৰিলে তাৰ বাবদ আদায় দিব লাগিব ১২০০(বাৰশ ) ভাৰতীয় টকা ।

আনহাতে, এজন বিদেশী পৰ্যটকে এনিশা ভূটানত থাকিব লগা হলে তাৰ বাবদ আদায় দিব লাগিব ২০০ আমেৰিকান ডলাৰ । ভুটান চৰকাৰে শেহতীয়াভাৱে এই নিৰ্দেশনা জাৰি কৰিছে |

 উল্লেখ্য যে ক'ভিড পৰিস্থিতিৰ কাৰণে ২০২০ চনৰ ২৩ মাৰ্চ তাৰিখে ভূটান চৰকাৰে দুয়োখন দেশৰ সাধাৰণ নাগৰিক তথা পৰ্যটকৰ যাতায়াত বন্ধ কৰিছিল ।

আজি ২৩ চেপ্তেম্বৰ পুৱা ৯:৪৫ ত ভাৰত-ভূটান সীমান্তৰ অন্যান্য প্ৰৱেশদ্বাৰৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰি - গেলেফু প্ৰৱেশদ্বাৰ মুকলি কৰা হয়।

আঢ়ৈ বছৰ ধৰি বন্ধ হৈ থকা চিৰাঙৰ দাদগিৰি স্থিত ভূটানৰ প্ৰৱেশদ্বাৰ আজি ভূটানী পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰে গেলেফু চহৰৰ এজন সন্মানীয় তথা জেষ্ঠ্য বুদ্ধ সন্ন্যাসীৰ দ্বাৰা মুকলি কৰা হয় । 

আজিৰ এই প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠান উপলক্ষ্যে ভূটান চৰকাৰৰ পৰা সীমান্তবৰ্তী ৩৩ খন গাঁৱৰ গাওঁবুঢ়া লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গ আৰু ব্যবসায়ী সকলক আমন্ত্ৰণ কৰে ।

ভূটান চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ভাৰতীয় পৰ্য্যটক ওপৰত নিৰ্ভৰশীল ভূটানৰ গেলেফু চহৰৰ ভুটানী ব্যবসায়ী মহলৰ লগতে সামান্তৰাল ভাবে ভূটানী নাগৰিকৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত দাদগিৰি অঞ্চলৰ ব্যবসায়ী মহল উৎফুল্লিত হৈ পৰে ।

ইমান দিনে ভূটানৰ সৈতে ভাৰতৰ যাতায়াত বন্ধ হৈ থকাৰ কাৰণে দুয়োখন দেশৰ নাগৰিক সকলে ব্যবসায়ীক দিশত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল কিন্তু আজি আঢ়ৈ বছৰৰ মুৰত পুণৰ মুকলি হোৱাত আকৌ আশাৰ কিৰণ দেখা পাইছে পাইছে বুলি আশা ব্যক্ত কৰে ।