চৰাইদেউৰ দিচাংপানীত পয় পি মাউ টাই উদযাপন

২১১৭ সংখ্যক টাই নৱবৰ্ষৰ আদৰণী অনুষ্ঠানটো অন্যান্য বছৰৰ দৰেই সমগ্ৰ বিশ্বৰ টাই সকলৰ লগতে অসমৰ টাই জনগোষ্ঠীয় লোক সকলেও উদযাপন কৰে ৷ উল্লেখযোগ্য যে অসমৰ চাৰিটা মান(টাই ভাষী জনগোষ্ঠী) টাই খাময়াং , টাই ফাকে , টাই আইতন আৰু টাই তুৰুং সকলে এইবৰ্ষত মান(টাই ভাষী)সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলা পয় পি মাউ টাই উদযাপন সমিতিৰ সহযোগত চৰাইদেউ জিলাৰ দিচাংপানীত যোৱা ২৩  নবেম্বৰত প্ৰথমবাৰৰ বাবে একগোট হৈ "পয় পি মাউ টাই "উদযাপনৰ কৰে ৷  অসমৰ মান(টাই ভাষী) জনগোষ্ঠী সমুহৰ মাজত সাংস্কৃতিক আৰু সামাজিক ঐক্য সাধন , সাংস্কৃতিক বিকাশ , টাই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ লগত সমিলমিলৰ ভাৱ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা অনুষ্ঠানটোলৈ অসমৰ টাই আহোম জনগোষ্ঠী আৰু টাই খামটি সকলকো বিশেষভাৱে  আমন্ত্ৰণ জনোৱা হৈছিল। এইবাৰৰ পয় পি মাউ টাইত অসমৰ প্ৰতিটো টাই জনগোষ্ঠীয়ে নিজ নিজ সাংস্কৃতিক দলৰ দ্বাৰা দিচাংপানীত অনুষ্ঠান পৰিবেশন কৰি ৰংবিৰঙি টাই সংস্কৃতিৰ পোহাৰ মেলে ৷ সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰতিটো জনগোষ্ঠীৰ নিৰ্বাচিত ব্যক্তিলৈ সম্বৰ্ধনা তথা পৰম্পৰাগত খেল ধেমালি ২৩ নবেম্বৰৰ দিনে নিশাই অনুষ্ঠিত কৰা হয় ৷"পয় পি মাউ টাই" উপলক্ষে দিচাংপানীত ২২ নবেম্বৰত  অসমৰ মান (টাই ভাষী) জনগোষ্ঠীৰ গাৱঁসমুহৰ দলসমুহৰ মাজত এখন এদিনীয়া ক্ৰিকেট খেলৰো আয়োজন কৰা হয় ৷