সোণাৰিত অব্যাহত আছে সুৰামত্ত ডাম্পাৰ চালকৰ অতপালি

চৰাইদেউ জিলা আৰক্ষী প্ৰশাসন আৰু জিলা পৰিবহন বিভাগৰ নীতি নিৰ্দেশনা সমূহক ভেঙুচালি কৰি একাংশ সুৰামত্ত ডাম্পাৰ চালকে অব্যাহত ৰাখিছে অতপালী। আজি সন্ধিয়া চেপন - অভয়পুৰ সংযোগী পথেদি ছফ্ৰাইৰ পৰা অভয়পুৰ অভিমুখে আহি থকা AS-33C-0379 নম্বৰৰ এখন মিনি ডাম্পাৰৰ সুৰামত্ত চালকৰ অতপালী ফলত কেইবাজনো পথচাৰীয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা কথমপী ৰক্ষা পৰে। ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী সকলে জানিব পৰা মতে তীব্ৰ বেগী মিনি ডাম্পাৰ খনৰ চালকজনে এটা স্পীড ব্ৰেকাৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ এটা বিদ্যুৎৰ খুটাত প্ৰচণ্ড খুন্দা মৰে। ইয়াৰ ফলত কেইবাজনো পথচাৰীৰ লগতে কেইবাজনো স্থানীয় ৰাইজৰ কথ'মপি প্ৰাণ ৰক্ষা পৰে।