সোণাৰিত জিলা পৰ্যায়ৰ যোগাসন শিবিৰ সম্পন্ন 

"নিয়মিত যোগাসনৰ জৰিয়তে আমি সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰোঁ। যোগাসনে শৰীৰ আৰু মন সুস্থ কৰি ৰখাৰ লগতে আধ্যাত্মিক শক্তিও বৃদ্ধি কৰে। গতিকে শিশু অৱস্থাৰ পৰাই সকলো ল'ৰা-ছোৱালীক যোগাসনৰ প্ৰতি আকৰ্ষিত কৰিব লাগে।এইক্ষেত্ৰত অংগনবাড়ী কৰ্মীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।" আজি সোণাৰি ৰাজহুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ উপলক্ষে অনুষ্ঠিত হোৱা চৰাইদেউ জিলা পৰ্যায়ৰ যোগাসন শিবিৰ উদ্বোধন কৰি এইদৰে কয় চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। 

               

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগ শিবিৰত অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈ, সহকাৰী আয়ুক্তদ্বয় সমুজ্জ্বল বৰা আৰু জাহ্নৱী গোস্বামী প্ৰমুখ্যে জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে।  

ইয়াৰ পূৰ্বে যোগ শিবিৰত বন্তি প্ৰজ্বলন কৰে উপায়ুক্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। আজিৰ এই শিবিৰত চৰাইদেউ জিলা পতঞ্জলি যোগ সমিতিৰ সভাপতি ড° চক্ৰপাণি পাতিৰ, সম্পাদক প্ৰদীপ বৈদ্য প্ৰমুখ্যে বিষয়-ববীয়াসকল, অভয়পুৰ প্ৰকল্পৰ বিষয়া মিৰাণ্ডা সোণোৱাল, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা তথা বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক অংগনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।