দলবাগান মছজিদত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

আজি দলবাগান তিনিআলি স্থিত  দলবাগান জামে মছজিদ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে। তেখেতে মছজিদ প্ৰাংগনত উপস্থিত হৈ দলবাগান আঞ্চলিক আহমদীয়া মাদ্ৰাছা ছাত্ৰাবাস পৰিদৰ্শন কৰে। লগতে পৰিচালনা সমিতি আৰু ঈমাম সকলৰ লগত মত বিনিময় কৰি মছজিদৰ অসুবিধা সমূহৰ বুজ লয়। আদৰনি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সম্বৰ্ধনা,বা অনুষ্ঠিত হয়। উক্ত সভাত আগন্তুক দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা সম্পৰ্কত আলোচনা কৰে । আলোচনাত মছজিদ পৰিচালনা সমিতি, ইমাম সকলৰ লগতে জামাত সকলৰ লগতে দুই শতাধিক ৰাইজ উপস্থিত থাকি সহযোগীতা আগবঢ়াব বুলি অৱগত কৰে। সভাত বিধায়ক জনৰ ছাত্ৰ অৱস্থাৰ পৰা শিক্ষক বৰ্তমান বিধায়ক স্ৱজাত ভাৱে সহজ সৰল, অমায়িক ,পৰোপকাৰী  হোৱা বাবে সকলোৱে তেখেতৰ শলাগ লয় লগতে মংগল কামনা কৰি আল্লাৰ ওচৰত দোৱা বিচাৰে।