নুমলীগড়ৰ ধনশিৰি নৈত SDRF বাহিনীৰ অভিযানত আজি সন্ধান নোলাল ধনশিৰি নৈত পৰি নিখুজ হোৱা পৰমেশ্বৰ চবৰৰ।

নুমলীগড়ৰ ধনশিৰি নৈত অঘটন। নুমলীগড়ৰ মৰঙী চাহ বাগিচাৰ সমীপৰ ধনশিৰি নৈত পৰি নিখুজ এজন। নিখোজ হোৱা লোকজন মৰঙী চাহ বাগিচাৰ পৰমেশ্বৰ চবৰ বুলি জানিব পৰা গৈছে। ধনশিৰি নৈত SDRF বাহিনীৰ অভিযান। পূৱা 10 বজাত নিখোজ হৈছিল পৰমেশ্বৰ চবৰ। বিয়লি প্ৰায় 1:30 বজাৰ ধনশিৰি নৈত SDRF বাহিনীয়ে অভিযান চলাই। কিন্তু বৰ্তমান পৰ্যন্ত নিখোজ ব্যক্তি গৰাকীৰ সন্ধান নাই। সন্ধ্যা হোৱাৰ বাবে আজি SDRF ৰ অভিযান সামৰে। কিন্তু কালিলৈ পূৱা ভাগৰ পৰা পুনৰ অভিযান চলাব বুলি SDRF ৰ লোক সকলে জানিবলৈ দিয়ে।