অৱশেষত ধনশিৰি মহকুমা বাসীৰ  বাবে আহিল ভাল খৱৰটো। দীৰ্ঘ বছৰৰ পৰা মহকুমা বাসীয়ে ভুগি অহা এক ডাঙৰ সমস্যাৰ পৰা সকাহ পালে মহকুমাটোৰ ৰাইজে।
 কিয়নো আজিৰ দিনটোতেই ধনশিৰি মহকুমাৰ সৰুপথাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত  প্ৰথমবাৰৰ কাৰণে সম্পন্ন হল  প্ৰথমটো  অপাৰেচন।

১৯৮৭ চনতে মহকুমা গঠন হোৱাৰ  পিচত পোন প্ৰথমবাৰৰ কাৰণে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা মুকলি কৰা হ'ল অত্যাধুনিক সা সুবিধাৰেপ্ৰসূতি অস্ত্ৰোপচাৰ কেন্দ্ৰ৷ 

এই অস্ত্ৰোপচাৰ কেন্দ্ৰত আজি ভৰ্তি হয় দুগৰাকী প্ৰসূতি। ইয়াৰে এগৰাকীক অস্ত্ৰোপচাৰ কৰা হয়। আৰু প্ৰসূতি গৰাকীয়ে  জন্ম দিয়ে এটি  কন্যা সন্তানৰ। 

গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ সৌজ্যনত আজি এই  সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত প্ৰসূতি অস্ত্রোপচাৰ কক্ষ শুভ উদ্বোধন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত আৰু NRL কৰ্তৃপক্ষৰ সহযোগত ধনশিৰি বাসীয়ে প্ৰথম বাৰৰ বাবে লাভ কৰে প্ৰসূতি আস্ত্ৰোপচাৰ সেৱা। আজিৰ  প্ৰসূতি অস্ত্রোপচাৰ কক্ষ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

 উল্লেখযোগ্য যে, স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিচতো  অসম নাগালেণ্ড সীমান্তৱৰ্তী মহকুমাটোৰ প্ৰসূতি সকলে গোলাঘাট বা যোৰহাটলৈ ঢাপলি মেলিবলগীয়া হৈছিল।