আজিৰ খবৰ, গুৱাহাটী, ১৫ জুলাই, ২০২২ : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স ষ্টাডি এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত হোটেল ৰেডিচন ব্লুত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ আজি সামৰণি পৰে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ আৰ্থিক পৃষ্ঠপোষকতাত অনুষ্ঠিত "উত্তৰ পূৱৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক সকলৰ বাবে গৱেষণা আৰু উন্নয়ন পুঁজিৰ সুযোগ" বিষয়ক কৰ্মশালাখন উদ্ধোধন কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে আই এ এছ এছ টিৰ সহযোগী অধ্যাপিকা ডঃ মুনিমা বি চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ সচিব অধ্যাপক সন্দ্বীপ বাৰ্মা , বিশিষ্ট অতিথি হিচাপে পৰিচিত আই আই টি ,গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম , যোৰহাটস্থিত চি এছ আই আৰ - এন ই আই এছ টিৰ সঞ্চালক অধ্যাপক জি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে । আনহাতে দুদিনীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি মুঠ পাঁচখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । আলোচনা সত্ৰ সমূহত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় ১০০ গৰাকী গৱেষকে ভাগ লয় । ইয়াৰে কেবাগৰাকী গৱেষকে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে । আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेलवे स्टेशन का रोड पर चाकू बाजी की घटना, दुकानदार पर चार-पांच बदमाशों ने किया चाकू से हमला।
तालेड़ा कस्बे की रेलवे स्टेशन रोड पर चाकू बाजी की हुई घटना।
तालेड़ा के रेलवे स्टेशन पर...
Haryana: Braj Mandal Yatra से पहले Nuh में इंटरनेट बंद, Bittu Bajrangi की एंट्री बैन | Aaj Tak
Haryana: Braj Mandal Yatra से पहले Nuh में इंटरनेट बंद, Bittu Bajrangi की एंट्री बैन | Aaj Tak
Rajasthan Elections 2023 : OM Birla और Prahlad Gunjal से की मुलाकात | BJP | Congress | Top News
Rajasthan Elections 2023 : OM Birla और Prahlad Gunjal से की मुलाकात | BJP | Congress | Top News
શિહોરી ઇન્દિરાનગર આંગણવાડી કેન્દ્ર માં માથે મોત લઈ શિક્ષણ મેળવતા નાના ભૂલકા ઓ...
આમ સરકાર આધુનિકતા ના દાવા કરે છે આધુનિક મકાન નવીન ટેક્નોલોજી ની મસમોટી વાત થાય છે પણ એ દાવા માત્ર...
MCN NEWS| महावितरणची मोठी कारवाई वीज चोरी करणाऱ्या ५५ लोकांविरुद्ध गुन्हे दाखल
MCN NEWS| महावितरणची मोठी कारवाई वीज चोरी करणाऱ्या ५५ लोकांविरुद्ध गुन्हे दाखल