আজিৰ খবৰ, গুৱাহাটী, ১৫ জুলাই, ২০২২ : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স ষ্টাডি এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত হোটেল ৰেডিচন ব্লুত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ আজি সামৰণি পৰে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ আৰ্থিক পৃষ্ঠপোষকতাত অনুষ্ঠিত "উত্তৰ পূৱৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক সকলৰ বাবে গৱেষণা আৰু উন্নয়ন পুঁজিৰ সুযোগ" বিষয়ক কৰ্মশালাখন উদ্ধোধন কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে আই এ এছ এছ টিৰ সহযোগী অধ্যাপিকা ডঃ মুনিমা বি চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ সচিব অধ্যাপক সন্দ্বীপ বাৰ্মা , বিশিষ্ট অতিথি হিচাপে পৰিচিত আই আই টি ,গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম , যোৰহাটস্থিত চি এছ আই আৰ - এন ই আই এছ টিৰ সঞ্চালক অধ্যাপক জি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে । আনহাতে দুদিনীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি মুঠ পাঁচখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । আলোচনা সত্ৰ সমূহত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় ১০০ গৰাকী গৱেষকে ভাগ লয় । ইয়াৰে কেবাগৰাকী গৱেষকে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে । আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કડી : 'તું મારા ધંધાની બાતમી કેમ આપે છે' તેમ કહીને યુવાનને ધોકા વડે 2 ઈસમોએ ફટકાર્યો
કડી શહેરના કસ્બા વિસ્તારમાં યુવાન ચા પીવા માટે ઘરેથી નીકળ્યો હતો. જે દરમિયાન જુમ્મા મસ્જિદ પાસે...
વાયરલ વીડિયો બાબતે સ્પષ્ટતા...
વાયરલ વીડિયો બાબતે સ્પષ્ટતા...
Seema Haider News LIVE: सीमा पाकिस्तानी नहीं अफगानी है! | UP ATS | Sachin | Breaking | Pakistan
Seema Haider News LIVE: सीमा पाकिस्तानी नहीं अफगानी है! | UP ATS | Sachin | Breaking | Pakistan
গোলাঘাটৰ কমাৰগাৱৰ পাৰ ঘাটত জুই
কমাৰগাঁৱৰ ঠেঙাল পাৰঘাট সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা , জুইত জাহ গ'ল কাঠফুলা খেতিৰ বাবে অনা...
रामगंज बालाजी आंगनबाड़ी केंद्र पर स्तनपान सप्ताह के तहत मां के दूध की उपयोगिता और शिक्षा पर व्याख्यान कार्यक्रम आयोजित हुआ
बूंदी । विश्व स्तनपान सप्ताह के दूसरे दिन इनर व्हील क्लब द्वारा रामगंज बालाजी गांव आंगनवाड़ी...