দুটাকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ।
ঘটনা অনুসৰি যোৱা ১৪ আগষ্টৰ নিশা তিনিচুকীয়াৰ মিছনপাৰাত ভাড়াতীয়া হিচাপে থকা ৰঞ্জিত দাস নামৰ এজন লোকে কাষতে ভাড়াতীয়া হিচাপে থকা ৰাজা চক্ৰৱৰ্তী নামৰ এজন লোকক সামান্য কথাৰ বাবে ষ্ক্ৰু-ড্ৰাইভাৰেৰে খুচি হত্যা কৰে ।
ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজা চক্ৰৱৰ্তীৰ খুৰীয়েক মণী চক্ৰৱৰ্তীয়ে তিনিচুকীয়াৰ সদৰ থানাত ঘটনা সম্পৰ্কে দাখিল কৰে এজাহাৰ ।
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত ৭৬৩/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি ৰঞ্জিত দাস নামৰ লোকজনক বিচাৰি ভাড়াঘৰত উপস্থিত হয় যদিও লোকজনে নিজৰ মুখমণ্ডলত এচিড জাতীয় পদাৰ্থ ঢালি লোৱাৰ বাবে গুৰুতৰ ভাৱে আহত অৱস্থাত উদ্ধাৰ হয় ।
পৰবৰ্তী সময়ত লোকজনক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পিছতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।
ৰঞ্জিত দাস নামৰ অভিযুক্ত লোকজন যোৱা ১৫ আগষ্টৰ পৰা ডিব্রুগড়ত চিকিৎসাধীন হৈ থকাৰ সময়তে ২৬ আগষ্টৰ নিশা পুনৰ নিজৰ পত্নী মধুমিতা সেনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বাথৰুমত ডিঙিত ব্লেডেৰে কাটি হত্যা কৰাৰ লগতে নিজেও ব্লেডেৰে কাটি আত্মহত্যা কৰে ।
সমগ্ৰ ঘটনাই এতিয়া তিনিচুকীয়াৰ লগতে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে