SLUGNAME: ATHKHELIA NAMGHAR CONTROVERSY
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
ক্ষমতাকেন্দ্ৰীক অচলাৱস্থা বৰ্তমানেও দুৰ হোৱা নাই গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভিতৰচৰাত। ঐতিহ্যমণ্ডিত নামঘৰটিৰ পৰিচালনা সমিতি কেন্দ্ৰীক বিতৰ্ক এতিয়া চৰম পৰ্য্যায়ত উপনিত হৈছে। উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদানৰ পাছতো নিস্পত্তি ন'হল কৰ্ণধাৰ সমিতি আৰু নৱগঠিত পৰিচালনা সমতিৰ দীৰ্ঘদিনীয়া বিতৰ্কৰ। এইবাৰ ঐতিহ্যমণ্ডিত নামঘৰটিত সৃষ্টি হোৱা এনে ক্ষমতাকেন্দ্ৰীক সংঘাতৰ বাবে দুগৰাকী কেবিনেট মন্ত্ৰীক পোনপটীয়াকৈ জগৰীয়া কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বৃহস্পতিবাৰে কৃষক মুক্তিৰ ৰাজ্যিক সম্পাদক বিদ্যুত শইকীয়াৰ নেতৃত্বত কৃষক মুক্তিৰ এটা সজাতি দল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। কৃষক মুক্তিৰ সজাতি দলটোৱে নামঘৰৰ কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ একাংশ বিষয়ববিয়াৰ সৈতে যথেষ্ট সময় আলোচনাত বহে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ৰাজনৈতিক শীতল যুদ্ধৰ বাবেই অচলাৱস্থা সৃষ্টি হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। বৰ্তমানৰ কৰ্ণধাৰ সমিতিখনে মন্ত্ৰী অজন্তা নেওগৰ নিৰ্দেশত আৰু নৱগঠিত পৰিচালনা সমিতিখনে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত দুটা মেৰুত অৱস্থান কৰা বুলি দাবী কৰে বিদ্যুত শইকীয়াই। অৱশ্যে বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে নামঘৰটিত সৃষ্টি হোৱা অচলাৱস্থাত দুখ প্ৰকাশ কৰাৰে লগতে নামঘৰৰ আভ্যন্তৰীণ বিষয়ত কোনোদিনে হস্তক্ষেপ কৰা নাই বুলি সদৰী কৰিছে।