ধেমাজিত অৰ্ধশতাধিক গাওঁ প্লাৱিত । বৰদলনিৰ সাপেখাটি বগলীজানত জীয়াঢলে চিঙিলে মথাউৰি । দুটাকৈ সাহায্য শিবিৰত দিন পাৰ কৰিছে বানাক্ৰান্তই কাৰোবাৰ ঘৰত যদি এককাল, কাৰোবাৰ ঘৰখনত আকৌ এডিঙি পানী| কাৰোবাৰ যদি ঘৰৰ সামগ্ৰী উটি গৈছে, কাৰোবাৰ আকৌ গৰু চাগলী কেইটাই উটি গল বানত| এইয়া এতিয়া ধেমাজিৰ বানাক্ৰান্ত অঞ্চলৰ দুৰ্দশাৰ একো একোটা বাস্তৱ সত্য| অৰুনাচলৰ পাহাৰত আজিও অব্যাহত আছে বৰষুণ ৷ ধেমাজি জিলাৰ মাজেৰে বৈ যোৱা জীয়াঢল, ন- নদী ৰ বানত বুৰ গৈছে ধেমাজি আৰু গোগামুখ ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাৱ। দেওবাৰে সন্ধিয়া কুমতীয়া সোঁপাৰৰ বগলীজান সাপেখাটি মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ ছিঙি সৃষ্টি কৰে ভয়ংকৰ পৰিস্থিতিৰ । কালি সন্ধিয়া ৭ বজাৰ পূৰ্বে সাপেখাটি মথাউৰি ছিঙাৰ ফলত সাপেখাতি , ভোমা , পদ্মপুৰ ৷ লটাক পঞ্চায়তৰ চুতীয়াকাৰী,ৰটুৱা, বেতনীহোলা, পানীয়েমাৰনি গাৱৰ গঞা এতিয়া বানৰ কৱলত । পশুধন সহ মানুহৰ সহবস্থান কৰিবলগীয়া হৈছে বানাক্ৰান্তই। সমান্তৰালভাৱে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত জীয়াধল দিহিৰি , দিহিৰি কচাৰী , দিহিৰি লেপংকে ধৰি কেইবাখনো গাঁৱত জীয়াধল বানে সম্পূৰ্ণকৈ ধুই পেলোৱাত বন্যৰ্তৰ মাজত হাহাকাৰ পৰিস্হিতি উদ্ভৱ হৈছে ৷ এইকেইখন গাঁৱৰ বন্যাৰ্তই ধেমাজি প্ৰশাসনে ধেমাজি স্বৰ্ণপীঠ হাইস্কুল আৰু শিমলুগুৰিত স্হাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ আশ্ৰয় শিবিৰত কন কন লৰা ছোৱালীৰ সৈতে মহিলাসকলে এতিয়া সময় পাৰ কৰিছে কেৱল ঘৰখনত পানী কমাৰ সময়লৈ| লক্ষ্যণীয় যে আজিও পুৱাৰে পৰা মূষলধাৰ বৰষুণ হয় যদিওঁ বিয়লি ভাগলৈ বৰষুন নোহোৱা হয় যদিহে পুনৰ বৰষুণ অব্যাহত থাকে তেন্ত ধেমাজিৰ বান পৰিস্হিতিয়ে জটিলৰুপ ধাৰণ কৰাৰ আশংকা বৃদ্ধি পাইছে ৷ ন ন অঞ্চল প্লাবিত হোৱাত বানৰ ফলত ক্ষয় _ ক্ষতিৰ পৰিমাণ বহুগুণে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ তথ্যমতে শেহতীয়া বানত ধেমাজিৰ প্ৰায় ৫০ খনতকৈ অধিক গাঁও প্লাবিত হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केंद्रीय मंत्री Shivraj Singh Chauhan और CM Pramod Sawant ने Goa के किसानों से बातचीत की | Aaj Tak
केंद्रीय मंत्री Shivraj Singh Chauhan और CM Pramod Sawant ने Goa के किसानों से बातचीत की | Aaj Tak
ರಾಜ್ಯ ಸರ್ಕಾರವು ಚರ್ಮ ಕುಶಲ ಕರ್ಮಿಗಳಿಗೆ ಪ್ರೋತ್ಸಾಹ ನೀಡಲು ಲಿಡ್ಕರ್ ಸಂಸ್ಥೆಗೆ ಹೆಚ್ಚಿನ ಅನುದಾನ ನೀಡಬೇಕೆಂದು ಒತ್ತಾಯಿಸಿದರು.
December 20, 2023
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ರಾಜ್ಯ ಆದಿಜಾಂಬವ ಸಂಘ, 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಚರ್ಮ...
Breaking News: Arvind Kejriwal से जेल में मिली मंत्री Atishi | Tihar Jail Video | Aaj Tak News
Breaking News: Arvind Kejriwal से जेल में मिली मंत्री Atishi | Tihar Jail Video | Aaj Tak News
iOS 18 के साथ एडवांस हो रही Apple Siri, मिल सकता है ChatGPT अपग्रेड
रिपोर्ट्स की मानें तो सिरी को एडवांस लैंग्वेंज मॉडल की खूबियों से लैस बनाया जा सकता है। यह डिजिटल...