পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ৰ সতে সংগতি ৰাখি আজি লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত চলা গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত পোষণ পঞ্চায়ত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে চলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী অনিমা গগৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া সুপ্ৰিয়া বৰদলৈয়ে কয় যে, "সঠিক পৰিপুষ্টিৰ জৰিয়তেহে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰি। প্ৰকৃত সুখ-শান্তিৰ অধিকাৰী হ'বলৈ আমি নিৰোগী আৰু স্বাস্থ্যবান হ'বই লাগিব। তাৰ কাৰণে আমি শিশু অৱস্থাৰ পৰাই যত্ন ল'ব লাগিব আৰু তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব।" 

 ইয়াৰ পূৰ্বে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে বাহিৰ কৰা শোভাযাত্ৰা মুকলি কৰে স্থানীয় গাওঁবুঢ়া অৱনী শ্যামে। অনুষ্ঠানৰ সতে সংগতি ৰাখি আজি চাফাই অভিযান, বৃক্ষৰোপন আদি কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । 

 অনুষ্ঠানটিত পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই পোষণ পঞ্চায়তৰ মূল লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত সাৰগৰ্ভ বক্তব্য ৰাখে। প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈয়েও সংশ্লিষ্ট আঁচনিখনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। সভাত উপস্থিত থাকি প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সহায়ক জয়ন্ত কুমাৰ গগৈয়েও শিশু-সংক্ৰান্তীয় বিভিন্ন আইনৰ ওপৰত বক্তব্য প্ৰদান কৰে । 

আজিৰ সভাতেই অংগনবাড়ী কৰ্মীসকলে বাল্য বিবাহৰ ওপৰত প্ৰস্তুত কৰা এখনি নাট পৰিৱেশন কৰে। লগতে থলুৱা পুষ্টিকৰ খাদ্য সম্ভাৰৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে।

লাকুৱা প্ৰকল্পৰ পৰিসাংখ্যিক সহায়ক বীৰেণ চেতিয়াই আঁত ধৰা আজিৰ সভাখনত গাওঁ পঞ্চায়তৰ সচিব হেম গগৈ, মুখ্য সেৱিকাদ্বয় ৰেণুকা চেতিয়া আৰু মিতালী বৰা, কনিষ্ঠ সহায়ক আভাৰাণী বৰুৱা ফুকন, পোষণ অভিযানৰ খণ্ড সমন্বয়ক উৎপল ফুকন, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেখা বৰগোঁহাই, ৱাৰ্ড সদস্য পূৰ্ণকান্ত গগৈকে প্ৰমুখ্য কৰি অংগনবাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, জীৱিকা সখী, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।