তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰে। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ লগতে এখন ফটোগ্ৰাফী কৰ্মশালাৰ আয়োজন কৰা হয়। তদুপৰি অসমৰ স্বনামধন্য ফটোগ্ৰাফাৰ শিল্পী নলিনী কান্ত বৰুৱা দেৱক এই অনুষ্ঠানত সম্বৰ্দ্ধনা জ্ঞাপন হয় । সম্বৰ্দ্ধনা অনুষ্ঠানত বিভাগীয় অধ্যাপক অধ্যাপিকাৰ লগতে উপস্থিত থাকে , তেজপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপ কুলপতি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু পঞ্জীয়ক ডঃ বিৰেণ দাস।
অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক অভিজিত বৰাই, আৰু উদ্বোধনী ভাষণ আগবঢ়ায় বিভাগীয় মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে। প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ লগতে Little Hands Production ৰ স্বত্বাধিকাৰ তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ ভাগৱতী ওৰফে ষ্টিফেন ষ্টাইৰিস্ ক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে কৰ্মশালা আৰম্ভ হয়। ফটোগ্ৰাফী কৰ্মশালাত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীকে আদি কৰি প্ৰায় ৭০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ মাধ্যমেৰে ষ্টীফেন ষ্টাইৰিস্ এ ফটোগ্ৰাফীৰ বিভিন্ন কৌশলবোৰৰ আভাস দিবলৈ যত্ন কৰিছে।
শিল্পী নলিনী কান্ত বৰুৱাই বিভাগত আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। প্ৰদৰ্শনীত ১০০ ৰো অধিক ফটোৰ লগতে কেমেৰা তথা ফটোগ্ৰাফীৰ বৰ্ণিল যাত্ৰাক প্ৰতিনিধিত্ব কৰা "আলোকচিত্ৰকৰ" নামক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।
শিল্পী বৰুৱাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত উপ কুলপতি মহোদয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি জনায় "বৰুৱা দেৱৰ সান্নিধ্য পাই আমি সচাই ধন্য " লগতে তেওঁ শিল্পী নলিনী কান্ত বৰুৱাৰ সৈতে পূৰ্বে কটোৱা মূহুৰ্তক ৰোমন্থন কৰে।
অনুষ্ঠানত শিল্পী বৰুৱাই চমু বক্তব্য আগবঢ়ায়, তেওঁ কয় *" মোৰ জীবনৰ শ্ৰেষ্ঠ ফটোখন এতিয়াও তোলা হোৱা নাই। সেইখন তোলাৰ আগতে মই নমৰো।"*
শিল্পী নলিনী কান্ত বৰুৱাই দেশ বিদেশত সুখ্যাতি অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। তেওঁ ১৯৫৫ চনত India Inter-nation Photographic Council ৰ বঁটা লাভ কৰে লগতে ১৯৮১ চনত ইটালীত অনুষ্ঠিত International Colour Slide Exhibition ত Club Award অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
শলাগৰ শৰাই আগবঢ়াই মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে কয়," বৰুৱাদেৱৰ কৰ্মোদ্যমে আমাক উৎসাহ প্ৰদান কৰে, আপোনাৰ আশীৰ্বাদৰ হাতখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগত যাতে সদায় থাকে যেন।"
সম্বৰ্দ্ধনা অনুষ্ঠানৰ শেষত পুনৰাই কৰ্মশালা আগবঢ়ায় নিয়া হয়। কৰ্মশালাৰ অংশ হিচাপে অংশগ্ৰহণকাৰী সকলক বিশ্ববিদ্যালয় চৌহদতে ফটোগ্ৰাফী ব্যবহাৰিক জ্ঞান দিবলৈ Photo Walk ত লৈ যোৱা হয়।
বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক, কৰ্মচাৰী সকলে প্ৰদৰ্শনী উপভোগ কৰে আৰু Photo সমূহৰ প্ৰসংশা কৰে।