এগৰাকী দুগৰাকী নহয়.. 

এগৰাকীৰ কথা আন গৰাকীৰ পৰা গোপন কৰি কেইবা গৰাকী মহিলাৰ সংগসুখ বিচাৰি বিপদত পৰিল এইজন গৃহৰক্ষী জোৱান। বাইহাটা চাৰিআলি আৰক্ষী থানাত কৰ্মৰত এইজন প্ৰৱঞ্চকৰ নাম তপন মালি।

প্ৰথমা পত্নীৰ লগতে নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো বিয়া নাই কৰোৱা বুলি কৈ আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰে এই লম্পটটোৱে। 

কেৱল সম্পৰ্কয় নহয়, গুৱাহাটী কাহিলীপাৰা নিবাসী মহিলা গৰাকীক পত্নীৰ স্বিকৃতি প্ৰদান কৰি এখন বৈবাহিক স্বুক্তিপত্ৰও সম্পন্ন কৰে। 

ভাৰালৈ লোৱা ঘৰত কেইবা বছৰ ধৰি দুয়োৰে দাম্পত্য জীৱন ঠিকে থাকে চলি থকাৰ সময়তে পুণৰ আন এগৰাকী মহিলাৰ সৈতে তপন মালিক পত্নীয়ে প্ৰত্যক্ষ কৰাত দুয়োৰে মাজত মনোমালিন্য আৰম্ভ হয়। 

ইফালে এটা ঔষধ কোম্পানীত কাম কৰা দ্বিতীয় পত্নীয়ে কৰ্মসূত্ৰে সময়ে সময়ে স্বামীৰ পৰা দুৰত থাকিব লগীয়া হোৱাৰ সুযোগ গ্ৰহণ কৰে খাকী পোছাক পৰিধান কৰা এইজন প্ৰৱঞ্চকে। 

ফলত বিষয় সন্দৰ্ভত অৱগত হোৱাত দ্বিতীয় পত্নীয়ে আহি ভাৰালৈ লোৱা এটা ঘৰত নিশা আন এগৰাকী মহিলাৰ সৈতে উদ্ধাৰ কৰে। দ্বিতীয় পত্নীৰ আগমনৰ উমান পায় পিছ দুৱাৰেৰে পলায়ন কৰে প্ৰৱঞ্চক তপন মালি।