দৰঙৰ নামখলাত মাদক দ্ৰব্য নিবাৰণী সভা সম্পন্ন 

 নামখলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকা সমূহত দিনক দিনে মদৰ প্ৰয়োভৰ বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি নামখলা গাওঁ পঞ্চায়ত প্ৰাঙ্গণত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ নামখলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰানেশ্বৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মাদক দব্য নিবাৰনী সভাত সমাজ সেৱক ধ্ৰুৱজ্যোতি বড়োৱে অংশগ্ৰহণ কৰি নিচা কেবল মদ ভাঙত নহয়, সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষা, স্বাস্থ্য, সংস্কাৰ বা উন্নয়নক নিচা হিচাবে লোৱা উচিত বুলি মন্তব্য কৰে ৷ আনহাতে সঞ্চালক প্ৰানেশ্বৰ কলিতাই বৃহত্তৰ অঞ্চলটিক সামৰি মদ নিবাৰণী সমিতি এখন গঠনৰ পোষকতা কৰে।

সভাত নামখলা পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইন, উপ সভানেত্ৰী মৌচুমী বড়ো, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশীল সুত্ৰধৰ, সাংবাদিক দ্বীপেন ডেকা,বসন্ত চহৰীয়া, গাওঁৰক্ষী বাহিনীৰ লোক, গাওঁ প্ৰধান উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷