লখিমপুৰ জিলাৰ অসম অৰুনাচল প্ৰদেশৰ সীমান্তৰ্বত্তী অঞ্চল ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা নতুন হিন্দী নাটক "বিপ্লবী বীৰ শংকৰ চন্দ্ৰ বৰুৱা " যোৱা ১৮ চেপ্তেম্বৰত মঞ্চস্থ কৰা হয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ (এলাহাবাদ )ৰ উত্তৰ মধ্য ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত। সমন্বয় ৰঙ্গমণ্ডল,প্ৰয়াগৰাজৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় নাট সমাৰোহত অসমৰ মহান মুক্তিযোদ্ধা বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ জীৱনৰ ওপৰত ৰচিত নাটকখন উপভোগ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বীৰৰ বিষয়ে অৱগত হল বুলি এলাহাবাদৰ দৰ্শকে মন্তব্য কৰে। এই নাটকৰ পৰিকল্পনা আৰু পৰিচালনা দয়াল কৃষ্ণ নাথৰ। নাট্যৰূপ-জীতেন শৰ্মাৰ আৰু হিন্দী ৰূপান্তৰ -দয়াল কৃষ্ণ নাথ আৰু ৰবি বাৰ্মাৰ। 

পোহৰ পৰিকল্পনা -বৰুন কৰ, সংগীত পৰিচালক-প্ৰবীন শইকীয়া। এই হিন্দী নাটকখনত অভিনয় কৰিছে -আনজাৰুল হক,ৰবি ৰঞ্জন কুমাৰ,কৰুনা কৃষ্ণ নাথ,প্ৰনৱ মহন্ত,জয় ভাৰতী,বৰুন কৰ, তৰুন কৃষ্ণ নাথ,মনোজ কুমাৰ,বিজেন্দ্ৰ কুমাৰ,ৰূপেশ কুমাৰ,অংকিতা সিনহা,কাজল শইকীয়া,সুমিতা দত্ত বনিক আৰু শিশু শিল্পী আবৃতা কৰে। ইতিহাসৰ পৃষ্ঠাত পঢ়িবলৈ নোপোৱা এই বীৰজনৰ বিষয়ে নাজানে ৰাইজে। ভাৰতৰ বিভিন্ন ঠাইৰ কথা বেলেগ তেখেতৰ নিজৰ ঠাই গোলাঘাটতে নাজানে বহু ৰাইজে। নাটকখনিৰ প্ৰতিটো সংলাপত দৰ্শকে আবেগিক হৈ হাত তালি আৰু বন্দে মা তৰম ধ্বনিৰে সমৰ্থন জনাইছিল।