আজি দৰঙত আক্ৰান্ত ১৬ জন।এজনৰ মৃত্যু

 ১৫ জুলাই : ৰাজ্যৰ সমান্তৰালকৈ দৰঙ টো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত জিলাখনৰ ১৬ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।

পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ১৫৪ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ৬২ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ৯১ জন ইতিমধ্যে সুস্থ হৈ উঠিছে। আনহাতে দৰঙৰ এজন কভিড আক্ৰান্ত লোকৰ গুৱাহাটীত মৃত্যু ঘটিছে। তেওঁৰ দেহত কভিড ৰ উপস্থিতি গুৱাহাটীত চিকিৎসাধীন হৈ থকা সময়তে ধৰা পাৰিছিল।

দৰঙবাসী ৰাইজক সকলো ধৰuণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।