সমাগত দুৰ্গাপূজা, ৰাজ্য চৰকাৰে পূজাৰ প্ৰাকমহুৰ্তত এটা সুখবৰ লৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। দুৰ্গাপূজাৰ আগত অৰ্থাৎ ২৯ ছেপ্তেম্বৰৰ পৰা কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে সামাজিক মাধ্যমত পোষ্ট কৰি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ পোষ্টত এনেদৰে লিখে - " সমাগত দুৰ্গাপূজাৰ সময়ত চৰকাৰী বন্ধৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আগতীয়াকৈ দৰমহা দিয়াৰ সিদ্ধান্ত লৈছোঁ । সেইমৰ্মে ৰাজ্যৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক অহা ২৯ ছেপ্তেম্বৰৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ'ব।"