বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ কাৰণে মৃত্যুক সাৱটি ল'লে ৰাতাবাড়ি সমষ্টিৰ ৰায়পুৰ গাঁৱৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনুপম নাথে।

গৰু খেদিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হ'ল কিশোৰ জন।

তেওঁৰ ঘৰৰ কাষতে থকা শাক-পাচলিৰ পথাৰত বিদ্যুতৰ খুঁটা‌ পুতি থোৱা আছিল। 

খুঁটাবোৰে টানি ৰখাৰ বাবে তাত বান্ধি থোৱা তাঁৰত এন্টি ইলেক্ট্ৰিক ইনচুলেটৰ নথকাৰ কাৰণে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় অনুপমৰ।

পৰিয়ালৰ লোকে অনুপমক উদ্ধাৰ কৰি নিভিয়া প্ৰাথমিক চিকিৎসালয়ত লৈ যোৱাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

যোৱা বছৰ দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত পঢ়ি থকা মেধাবী ছাত্ৰ জনৰ মৃত্যুৰ ফলত অঞ্চলটত শোকৰ ছাঁ পেলাইছে।