ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত সোৱণশিৰীৰ ৰাজহ চক্ৰৰ অধীনৰ বালিজান কৈৱৰ্ত গাঁৱত আৰু ভাটি জালভাৰীত শৈক্ষিক আৰু সামাজিক পৰিবেশ বিনষ্ট কৰা অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে ঢকুৱাখনাৰ আবকাৰী বিভাগে অভিযান চলাই।

ঢকুৱাখনা আবকাৰী আৰু ঘিলামৰা আৰক্ষী যৌথ অভিযানত গাঁওৰ দুখনৰ বহুসংখ্যক ঘৰৰ ভিতৰত আৰু হাবি জংঘলৰ মাজত লুকুৱাই ৰখা  চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সমূহ উলিয়াই আনি নষ্ট কৰে।