অৱশেষত ৰিজাৰ্ভ ক্লজ হল ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈ
কৰ্তব্যৰত অৱস্থাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ চৌহদত গৃহৰক্ষি জোৱানক মদৰ নিচাত মতাল ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈয়ে গুৰুলা গুৰলকৈ প্ৰহাৰ কৰা লগতে থানাৰ লক আপত ভৰাই প্ৰানে মৰাৰ ভাবুকি দিয়া ঘটনাৰ পিছত অৱশেষত অনুশাসন মূলক ব্যবস্থা গ্ৰহণ কৰি গোলাঘাট আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে তাৎক্ষণিক ভাবে দায়িত্বৰ পৰা নিলম্বন কৰি ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিছে। যোৱা কালি উক্ত ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ পিছতে প্ৰতিবেদন দাখিল কৰি। অভিযুক্ত বিষয়াৰ বিৰুদ্ধে পৰবৰ্তী তদন্ত অব্যাহত ৰখা হৈছে।
উল্লেখযোগ্য যে মঙ্গলবাৰে নিশা গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল থানাখনৰে গৃহৰক্ষী বিভাগৰ পাপু সোণোৱাল নামৰ এজন গাড়ীচালক। মঙ্গলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাত সুৰাৰ ৰাগীত মাতাল হৈ এচ এচ বি জোৱানৰ সৈতে অকাৰণতে কাজিয়াত লিপ্ত হৈছিল ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ। ইমানতে ক্ষান্ত নাথাকি সুৰাপায়ী অ' চি ৰাজেশ্বৰ গগৈয়ে বেয়াকৈ মাৰধৰ কৰাৰ লগতে গৃহৰক্ষী জোৱান জনক আৰক্ষী থানালৈ আনি অভিযুক্ত বিষয়াই চোঁচৰাই লকআপত সোমোৱাই মুৰত পিস্তল লগাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।