দৰঙত পুনৰ ননৈ নদীৰ তাণ্ডৱ। 

ননৈ নদীৰ ছিপাঝাৰ সমষ্টিৰ  ঢেঁকীপাৰাৰ মথাউৰিৰ চিগা অংশৰে হোৰা-হোৰে সোমাইছে বাঢ়নী পানী।

ইতিমধ্যে বুৰাই পেলাইছে বচাচুবা,শলপাম আৰু ঢেকীপাৰা  গাঁৱৰ কেইবাশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ লগতে বাট পথ।

নষ্ট হৈছে শ শ বিঘা খেতি পথাৰ 

উল্লেখ্য যে প্ৰায় ৪০ দিন পূৰ্বে ননৈ নদীৰ বাঢ়নী পানীয়ে একে নিশা পাচটা স্হানত মথাউৰি ছিগি বান বিভিষিকাৰ সৃষ্টি কৰিছিল ৷জলসম্পদ বিভাগে মথাউৰিটোৰ ছিগা অংশ সমুহত কেইবা কোটি টকা ব্যয়েৰে ৰিং বান্ধ কাম কৰি আছিল যদিও কাম লেহেমীয়া হোৱা হেতুকে পুনৰ ননৈ নদীৰ ধেকীপাৰাৰ মথাউৰিৰ ছিগা অংশৰে বাঢ়নী পানী সোমাই পুনৰ বানৰ তাণ্ডৱ সৃষ্টি কৰিছে ৷