মাজুলীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কৰ্মশালা সম্পৰ্ণ

৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাবে মাজুলীত দুদিনীয়াকৈ গাইড শিক্ষকৰ বাবে প্ৰকল্প প্ৰস্তুত কৰ্মশালা সুকলমে সমাপন হৈ যায়।

মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা আয়োজক সমিতিৰ সভাপতি অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাৰ তৎপৰতাত ১৬ ছেপ্টেম্বৰত প্ৰথম লানি কৰ্মশালা উদ্বোধন কৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দীপ ৰাজক দেৱে।সেইদিনাই উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই অযন দিৱস উপলক্ষে অযন দিৱসৰ সজাগতাৰ বাবে শিক্ষক সকলক লৈ গাঁৱে গাঁৱে যে সজাগতা হব লাগে তাৰ ওপৰত কাৰ্যসূচী ৰাখে।ৰাজহ চক্ৰ বিষয়া আৰু  অসম বিজ্ঞান সমিতিৰ মাজুলী শাখাৰ সম্পাদক জীৱন বৰা দেৱে বিস্তৃত ভাবে বক্তব্য আগবঢ়াই।ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলাৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্বজ্যোতি বৰাই *ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প প্ৰস্তুত ছাত্ৰ ছাত্ৰীৰ মনৰ অনুভৱৰ দ্বাৰা হব লাগে*শিক্ষক সকল কেৱল দিক নিৰ্ণায়ক হব লাগে বুলি কৰ্মশালাত মনৰ অনুভৱ ব্যক্ত কৰে।পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামীয়ে এই কাৰ্যসূচী বিদ্যালয় খনত পূৰ্বে হৈ যোৱা জিলা সমাৰোহৰ পাছত পুনৰ বিদ্যালয় খনিত কাৰ্যসূচী লোৱাত কৃতজ্ঞতা প্ৰকাশ কৰে।কৰ্মশালা খনিত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিয়ে বিজ্ঞান শিক্ষক সুনীল বৰা,ধ্ৰুৱজ্যোতি ওজা,পম্পী হাজৰিকা ,বসন্ত বৰা,লোহিত শইকীয়া আৰু ৰঞ্জিত বৰুৱাই।কৰ্মশালাৰ অন্ততঃ বহু কেইজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত এই বছৰ প্ৰকল্প প্ৰস্তুত কৰাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টংকেশ্বৰ ভৰালীয়ে শলাগৰ শৰাই আগবঢ়াই।২০ ছেপ্টেম্বৰত জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা দ্বিতীয় লানি কৰ্মশালাত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত বৰাই।কৰ্মশালা শুভ উদ্বোধন কৰে মাজুলী জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌৰভ বৰফুকনে।বিষয়া গৰাকীয়ে নিজৰ ছাত্ৰ জীৱনৰ প্ৰকল্প প্ৰস্তুত কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি শিক্ষক সকলক সদল বলে ওলায় আহি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক যোগদান কৰাবৰ বাবে আহ্বান জনায়।সভাত সমল ব্যক্তি সুনীল বৰা,পম্পী হাজৰিকা, বসন্ত বৰা আৰু ৰঞ্জিত বৰুৱাই এই বছৰৰ মূল বিষয়ৰ লগত সংগতি ৰাখি উপ বিষয় সমূহ কি কি হব পাৰে তাৰ ওপৰত বহল বিশ্লেষণ দাঙি ধৰে।জিলা সমন্বয়ক জীৱন বৰাই প্ৰকল কেনেকৈ লিখিব লাগিব,উপস্থাপন কেনেকৈ কৰিব লাগিব তাৰ ওপৰত চাৰ্ট প্ৰদৰ্শন কৰি সুন্দৰকৈ উপস্থাপন কৰে।দুই দিনৰ সমগ্ৰ কাৰ্যসূচী আঁতধৰি আগুৱাই লৈ যায় ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলাৰ আয়োজক সমিতিৰ সহ সমন্বয়ক তথা উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই।