অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীলৈ মহাবীৰ লাচিত বঁটা

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত কামৰূপ জিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বছৰো ২৪ নম্বেৱৰত গুৱাহাটী মহানগৰত মহাবীৰ লাচিত দিৱসটি এদিনীয়া বনাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহাবীৰ লাচিত বঁটা এইবাৰ অসমৰ সুযোগ্য সন্তান অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীক প্ৰদান কৰা হ'ব বুলি সংগঠনটোৰ কেন্দ্রীয় সমিতিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।

১৯৫৬ চনৰ ২৮ নৱেম্বৰত শিৱসাগৰৰ জাথিপতীয়া গাওঁত জন্ম গ্রহণ কৰি, নলবাৰী , বৰপেটাৰ প্ৰাথমিক বিদ্যালয়ত আৰু গুৱাহাটী ডন বস্কোত ভৰালীয়ে অধ্যয়ন কৰিছিল। ১৯৭৩ চনত নেচনেল ডিফেন্স একাডেমী খাদকৱাছলা পুনেত যোগদান কৰি তেওঁ এনডিএত তিনিবছৰ, ইণ্ডিয়ান মিলিটাৰী একাডেমী ডেৰাডুনত এবছৰ প্ৰশিক্ষণৰ পিছত ৰেজিমেণ্টৰ লেফটেনেন্ট হিচাপে কমিছন লাভ কৰে সেনাবাহিনীত আৰ্টিলাৰী। ২০০৯ চনত জুলাই মাহত মেজৰ জেনেৰেলৰ পদবীলৈ উন্নীত হোৱাৰ লগে লগে প্ৰণৱ কুমাৰ ভৰালী যুদ্ধ শাখাৰ পৰা আৰু উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত প্ৰথমজন সেনা বিষয়া হিচাপে সেই উচ্চ পদবীলৈ উন্নীত হয়। তেওঁ ব্ৰিটেইন, আমেৰিকা, কংগো আৰু ইজৰাইললৈ ভাৰতীয় সেনাৰ প্ৰতিনিধি দলৰ নেতৃত্ব দি সন্মান লাভ কৰিছিল । ২০১২ চনত তেওঁ জাতিৰ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক বিশিষ্ট সেৱা পদক প্ৰদান কৰে। ২০১৫ চনৰ জানুৱাৰী মাহত তেওঁ দেখোৱা প্রতীভা বাবে লেফটেনেণ্ট জেনেৰেল পদৱী লাভ কৰা উত্তৰ পূৱাঞ্চলৰ প্ৰথম ব্যক্তি। তেওঁ কাৰ্যকালত অপাৰেচন ব্লু ষ্টাৰ (গল্ডেন টেম্পুল), অপাৰেচন পৱণ (শ্রীলংকা), অপাৰেচন মেগদূত (চিয়াচেন গ্নে'চিয়াৰ) আৰু কাৰগিল যুদ্ধত অংশগ্ৰহণ কৰি বীৰত্বৰ প্ৰদৰ্শন কৰিছিল।