SLUGNAME: ASSAM NAGALAND BORDER MEETING

বুধবাৰে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ চিআৰপিএফ চাউনিত অনুস্থিত হয় অসম আৰু নাগালেণ্ডৰ এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক বৈঠক। বিশেষকৈ অসম আৰু নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা সমস্যা কেন্দ্ৰীক বিষয় আৰু সীমান্ত অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয় বৈঠকখনত। বৈঠকখনত গোলাঘাট জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীন, আৰক্ষী অধিক্ষক ৰমণদ্বীপ কৌৰৰ লগতে অংশগ্ৰহণ কৰে নাগালেণ্ডৰ ৱখা জিলাৰ উপায়ুক্ত অজিত কুমাৰ ৰঞ্জন আৰু আৰক্ষী অধিক্ষক মানাং মাকৰু। চিআৰপিএফৰ একাংশ উচ্চপদস্থ বিষয়া উপস্থিত থকা বৈঠকখনত স্থিতাৱস্থা বাহাল ৰাখি দোয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্ত অঞ্চলত শান্তি শৃংখলা অটুত ৰখা বিষয়ত সহমত পোষণ কৰে। তাৰোপৰি সীমান্ত অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত দোয়োখন জিলাৰ প্ৰশাসনে বন্ধুত্বপূৰ্ণভাৱে আগবাঢ়ি যোৱাৰো পোষকতা কৰা হয় বৈঠকখনত। উল্লেখযোগ্য যে, সীমা সমস্যাৰে জৰ্জৰিত মেৰাপানী সীমান্তত আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে।