মৰঙিৰ ৪ নং ৰংবঙত এন আৰ এল আৰু গোৰ্খা ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতিৰ মত বিনিময় ৷

মৰঙিৰ ৪ নং ৰংবঙৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ মহা প্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈ আৰু প্ৰবন্ধক তীৰ্থ হাজৰীকা উপস্থিত হৈ মৰঙি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰে মত বিনিময় কৰে ৷ বিশেষকৈ ৪ নং ৰংবং গাওখন গোৰ্খা সম্প্ৰদায়ৰ অধ্যুষিত গাওঁ ৷ গাওঁখনৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত বিষদভাৱে আলোচনা কৰি সমাধানৰ বাবে এন আৰ এলৰ সামাজিক উন্নয়ন বিভাগে ব্যবস্থা গ্ৰহণ কৰিব বুলি মহাপ্ৰবন্ধক গৰাকীয়ে ব্যক্ত কৰে ৷ ৰাইজৰ তৰফৰ পৰা শিক্ষা, স্বাস্থ্য , ক্ৰীয়া, সামুহিক ভৱন, পুথিভঁৰাল স্থাপন, বাট পথৰ উন্নয়ন সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰদান কৰি কাৰ্যকৰীকৰণৰ বাবে এন আৰ এল কৰ্তৃপক্ষক আহ্বান জনায় ৷