ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ লগতে তেওঁৰ গৃহ সমষ্টি শিৱসাগৰৰ সৈতে জড়িত কেইবাটাও বিষয়ত আলোচনা কৰে। এক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ উদ্দেশ্যে সম্প্ৰতি দিল্লীত আছে গগৈ। আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে সীমা আলোচনাত অংশগ্ৰহণ কৰিবলৈ আজি দিল্লীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যমক লৈ আলোচনাত মিলিত হয় দুয়োগৰাকী নেতা। শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছিল যে তৃতীয় শ্ৰেণীৰ পৰা সকলো চৰকাৰী বিদ্যালয়তে গণিত আৰু বিজ্ঞান ইংৰাজীত পাঠদান কৰা হ’ব।
বিধায়ক গৰাকীয়ে শিৱসাগৰ জিলাৰ উন্নয়নৰ সৈতে জড়িত আন কেইবাটাও বিষয়তো আলোচনা কৰে, য’ত দীৰ্ঘদিন ধৰি চলি থকা কেইবাটাও প্ৰকল্পৰ বাবে পুঁজি মুকলি কৰি দিয়া আদি বিষয়তো আলোচনা কৰে। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ বিষয়ে সংবাদ মাধ্যমৰ অৱগত কৰি গগৈয়ে কয় যে ৰাজ্য চৰকাৰে শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়াৰ বাবে ১ কোটি টকাৰ বাজেট অনুমোদন কৰিছে।গগৈয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰি অমীমাংসিত সমস্যাসমূহ সমাধান কৰি তৎকালীন সমাধান বিচাৰি উলিওৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।