১৭ ছেপ্টেম্বৰৰপৰা ২ অক্টোবৰলৈ চলি থকা সেৱা
পষেকৰ অংশ হিচাপে
আজি ভাৰতীয় জনতা পার্টি
বেজেৰা মণ্ডল সংখ্যালঘু
মৰ্চাৰ উদ্যোগত বেজেৰা
মণ্ডলৰ সহযোগত চিকিৎসক-স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ দিনৰ প্ৰায় ১ বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত ৰূপায়ণ কৰা এই সম্বৰ্ধনা অনুষ্ঠানত চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ সবীন চন্দ্ৰ দাসৰ লগতে চিকিৎসক,
নাৰ্ছ,আশাকৰ্মী আৰু কৰ্মচাৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলিপ ডেকাই বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডাঃ সবীন চন্দ্ৰ দাসৰ নেতৃত্বত কভিডৰ বিৰুদ্ধে অশেষ শ্ৰমেৰে যুঁজ দিয়া স্বাস্থ্যকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷ আনহাতে বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আমিনুল হকে কভিডৰ তৃতীয় পালি দৰৱৰ ক্ষেত্ৰতো স্বাস্থ্যকৰ্মী সকলে পূৰ্বৰ দৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পংকজ বৰুৱা, বিজেপি বেজেৰা মণ্ডলৰ সাধাৰণ
সম্পাদক ভাস্কৰজ্যোতি
কলিতা,বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ
সাধাৰণ সম্পাদক ৰিজুল
আলী,বেজেৰা গাঁও
পঞ্চায়তৰ আঞ্চলিক সদস্য
জ্যোতি কুমাৰী,স্থানীয় গাঁওবুঢ়া দণ্ডধৰ ভূঞা, মুনীন্দ্ৰ বেজকে ধৰি বিজেপি দলৰ একাংশ জ্যেষ্ঠ-কনিষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।