Golaghat Trinamul Congress Office Close in 10 Days
OC==পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমুল কংগ্ৰেছৰ জয়জয়কাৰ। কিন্তু অসমত তৃণমুল কংগ্ৰেছ খুপনি পুতিব গৈ উজতি খাইছে গৈ উজনিৰ এখন জিলাত।১০ দিনতে নাইকীয়া হল তৃণমুল কংগ্ৰেছৰ জিলা কাৰ্যলয়।ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্হিতিত ২০০ টকা প্ৰলোভন দি দলটোত যোগদান কৰিবলৈ অনা মানুহক ঠগি অৰ্ন্তধান তৃণমুল কংগ্ৰেছৰ নেতা পালিনেতা। চাও আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
VO==গোলঘাটত তৃণমুল কংগ্ৰেছে খুপনি পুতিব গৈ খালে উজতি। দল কি কৰিব? উদ্ধোধন কৰা জিলা কাৰ্যলয়টোৱে ১০ দিনত নাইকীয়া হল। ২০০ টকা প্ৰলোভনেৰে মানুহ আনি দলত যোগদান কৰাই প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ এতিয়া তৃণমুল কংগ্ৰেছৰ একাংশ নেতা পালিনেতাৰ বিৰুদ্ধে।
পশ্চিমবংগত জয় জয় কাৰ কৰি থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমুল কংগ্ৰেছক এতিয়া অসমত ডুবাইছে একাংশই। চাওক ১১ চেপ্তেম্বৰত ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্হিতিত গোলাঘাট নগৰত উদ্ধোধন কৰা হৈছিল ভাড়া ঘৰ লৈ তৃণমুল কংগ্ৰেছৰ জিলা কাৰ্যলয়টো। পতাকা উত্তোলন কৰি যোগদান কৰাইছিল এই সকলক। আৰু ঠিক দহ দিনৰ পাছৰ এই দৃশ্য চাওঁক দলীয় বেনাৰ পোষ্টাৰে সজাই পৰাই তোলা কাৰ্যলয়টোৰ সকলোবোৰ আতৰাই খুলি দিছে। কিন্তু কিয় শুনক ঘৰটোৰ মালিকৰ মুখেৰে।
হয় তনয় বাইলুং উপাধিৰ তৃণমুল কংগ্ৰেছৰ এজন নেতা ই গোলাঘাট নগৰৰ তিনি নং ৰেলৱে গেটৰ সমীপত ১২ হাজাৰ টকাত ভাড়া লৈ এটকাও নিদিলে।ফোন কৰিলেও ৰিচিভ নকৰে হেনো বাইলুঙে ফোন।গতিকে প্ৰবঞ্চনা ফাকিৰে দল কৰিবলৈ যোৱা বাবেই ভাড়া দিয়া ঘৰটো খালি কৰিলে। মালিকে।
মমতা দিদি চাওক আপুনি তৃণমুল কংগ্ৰেছক উচ্চ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা সময়তে অসমত একাংশ নেতা পালিনেতাৰ বাবে দল Down Fall হবলৈ গৈ আছে তাৰ এইয়া এটা উদাহৰণ