SLUGNAME: POLICE Vs POLICE FIGHT

গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাত সংঘটিত হৈছে এক অপ্ৰিতিকৰ ঘটনা। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনে সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে থানাখনৰে গৃহৰক্ষী বিভাগৰ গাড়ীচালক জনক। ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে পাপু সোনোৱাল নামৰ গাড়ীচালক জন। মঙ্গলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাত সুৰাৰ ৰাগীত মাতাল হৈ এচ এচ বি জোৱানৰ সৈতে অকাৰণতে কাজিয়াত লিপ্ত হয় ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে। কাজিয়া ভয়ংকৰ হোৱাৰ উমান পায় আৰক্ষী থানাৰ চালকজনে ভাৰপ্ৰাপ্ত বিষয়াজনক বুজনি দিয়াৰ চেষ্টা চলায়। কিন্তু সেই কথাতে খৰ্গহস্ত হৈ সুৰাপায়ী অ' চি ৰাজেশ্বৰ গগৈয়ে বেয়াকৈ মাৰধৰ কৰে চালক পাপু সোনোৱালক। কেৱল মাৰপিটতে ক্ষান্ত নাথাকি পাছত আৰক্ষী থানালৈ আনি চালকজনক অ'চিয়ে চোঁচৰাই লকআপত সোমোৱাই মুৰত পিস্তল লগাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে। সুৰাপায়ী অ'চিৰ প্ৰহাৰত হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাট পাই বৰ্তমান চিকিৎসকৰ কাষ চাপিছে চালকৰূপী গৃহৰক্ষী বাহিনীৰ জোৱান পাপু সোনোৱাল। ইফালে মাৰপিটত লিপ্ত হোৱাৰ সময়তে সুৰাসক্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেমপ্লেট আৰু আৰক্ষীৰ বেজ পৰি থাকিল আঠখেলীয়া নামঘৰৰ চৌহদত। ইতিমধ্যে পিড়িত চালকজনে গৃহৰক্ষী বিভাগৰ জড়িয়তে গোলাঘাট জিলাৰ আৰক্ষী অধিক্ষকক ঘটনাটো অৱগত কৰাত সুৰাপায়ী আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক তলব কৰিছে আৰক্ষী অধিক্ষকে। উল্লেখযোগ্য যে, ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে প্ৰায়ে সুৰাপান কৰি উদ্ভণ্ডালী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। মঙ্গলবাৰে নিশা সংঘটিত এনে অপ্ৰিতিকৰ ঘটনাই এতিয়া লজ্জানত কৰিছে সমগ্ৰ আৰক্ষী বিভাগকে।

BITE: পাপু সোনোৱাল, পিড়িত চালক।