অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত আজি সমগ্র দেশজুৰি প্ৰাথমিক শিক্ষক সকলে চলোৱা ধৰ্ণা কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই মৰিগাঁৱৰ প্ৰাথমিক শিক্ষক সকলেও শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দুৰ কৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাকে ধৰি শিক্ষক সকলৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মীলনীৰ অন্তৰ্গত মৰিগাঁৱৰ শিক্ষক সকলে শিক্ষা বিষয়া বুলি গগৈৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।