আজি বঙাইগাঁও জিলাত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।

শোণিতপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভণি কৰাৰ পিছত বঙাইগাঁও জিলাত এই আঁচনিৰ অধীনত ২৭৫(দুশ পয়সত্তৰ)গৰাকী বিধৱা মহিলাক ২৫০০০(পচিঁশ হেজাৰ)টকাৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে জিলা উপায়ুক্ত নবদ্বীপ পাঠকে। টকাখিনি হিতাধিকাৰীসকলৰ বেংক একাউন্টত জমা কৰি দিয়া হয়। ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত জিলাখনৰ হিতাধিকাৰীয়ে মাহিলী ৩০০/টকাকৈ লাভ কৰি আছে আৰু এই আঁচনিৰ মুঠ হিতাধিকাৰী ৫০১৩ গৰাকী।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত এই এককালীন আৰ্থিক সাহায্যখিনি প্ৰদান কৰা হৈছে।আজিৰ অনুষ্ঠানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী মহোদয়ৰ শোণিতপুৰত অনুষ্ঠিত অনুষ্ঠান দৃশ্য-শ্ৰব্য মাধ্যমেৰে বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এককালীন সাহায্য প্ৰদান অনুষ্ঠানতো প্ৰদৰ্শন কৰা হয়।

আজিৰ অনুষ্ঠানত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদীৰা জেচমিন আৰু জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহৰ লগতে অতিৰিক্ত উপায়ুক্ত জেনিফাৰ ইয়াচমিন চৌধুৰীও উপস্থিত থাকে।

আজি জিলা পুথিভঁৰালত অনুষ্ঠিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানতে বানপানীয়ে বা নদীয়ে বাসগৃহ বিধ্বস্ত কৰা মুঠ ৪৫গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১লাখকৈ টকাৰ চেক প্ৰদান কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।উপায়ুক্ত নবদ্বীপ পাঠকে চেকসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়াসকল আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া অনন্ত সামন্ত আৰু ক্ষেত্ৰ বিষয়াসকল তথা হিতাধিকাৰীসকল উপস্থিত থাকে।