ঢকুৱাখনাৰ দিনহাজিৰা কৰা একেখন গাওঁৰ পদেস্বৰ দাস আৰু ঘনকান্ত দাসৰ পুত্ৰই লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি।
অসম আৰক্ষীৰ পৰীক্ষা ফলাফলত ঢকুৱাখনা পিঠিয়ালৰ এটা আধিয়াৰ খেতিয়ক পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰই লাভ কৰিছে কামাণ্ডো চাকৰি ।দিন হাজিৰা কৰা তথা আধিয়াৰ খেতিয়ক পদেস্বৰ দাস আৰু সুমলা দাসৰ জ্যেষ্ঠ পুত্ৰ পদুম দাসে অসম আৰক্ষী কামাণ্ডো চাকৰি লাভ কৰিছে।পদুম বৰ্তমান গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছে।
সেই একেখন গাঁৱৰে দিনহাজিৰা কৰা ঘনকান্ত দাস পুত্ৰই লাভ কৰিছে বেটেলিয়ান চাকৰি।দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা ঘনকান্ত দাস আৰু ৰেখা ৰাণী দাসৰ জ্যেষ্ঠ পুত্ৰ বিকাশ দাসে অসম আৰক্ষীৰ বেটেলিয়ান চাকৰি লাভ কৰিছে।
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিকাশ দাসে এটকাও নিদিয়াকৈ যোগত্য ভিত্তিত অসম চৰকাৰৰ স্বচ্ছ তথা নিকা নিযুক্তি প্ৰক্ৰিয়াৰে আৰক্ষী চাকৰি পোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক ধন্যবাদ জনাই।